গুৱাহাটী : পল্টন বজাৰ আৰক্ষীৰ জালত সন্দেহজনক ৰোহিংগীয়া। ২৬ গৰাকী সন্দেহজনক যুৱক-যুৱতীক গ্ৰেপ্তাৰ গ্ৰেপ্তাৰ কৰে পল্টন বজাৰ আৰক্ষীয়ে। দেওবাৰে পল্টন বজাৰস্থিত কামৰূপা ল’জৰ পৰা গ্ৰেপ্তাৰ সন্দেহজনক যুৱক-যুৱতীক ।
কামৰূপা ল’জৰ পৰা পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই ২৬ গৰাকী সন্দেহজনক ৰোহিংগীয়াৰ ভিতৰত ১০ গৰাকী যুৱতী আৰু ১৬ গৰাকী যুৱক। ধৃত সন্দেহজনক ম্যানমাৰৰ যুৱক-যুৱতীয়ে দিল্লীলৈ যোৱাৰ বাবে পল্টন বজাৰৰ কামৰূপা ল’জত বাহৰ পাতিছিল।
লগতে পঢ়ক : মাটিফাটা বজাৰত ব্ৰহ্মপুত্ৰৰ নদীৰ বুকুত জাহ গ’ল ১৪ টা দোকানৰ গৃহ
সন্দেহজনক ম্যানমাৰৰ যুৱক-যুৱতীৰ কবলৰ পৰা আৰক্ষীয়ে ভূৱা ভাৰতীয় ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড জব্দ কৰিছে। আৰক্ষী সুত্ৰে জানিবলৈ দিয়া মতে আটক কৰা ২৬ গৰাকী ৰোহিংগীয়া যুবক যুৱতীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।