কাজিৰঙাৰ কঁহৰা বসন্ত উত্‍সৱ
কাজিৰঙাৰ কঁহৰা বসন্ত উত্‍সৱ

কাজিৰঙা: অৱশেষত ৰাজ্যৰ প্ৰথমখন বিহু সমিতিয়ে বাতিল কৰিলে অনুষ্ঠান। চৰকাৰৰ নিৰ্দেশ অনুসৰি বিহু আয়োজনৰ অপাৰগতা প্ৰকাশ কৰি সমগ্ৰ কাৰ্যসূচীয়েই বাতিল কৰিলে। ৰাজ্যত কোৰোণাৰ সংক্ৰমণত প্ৰতিদিনাই আক্ৰান্ত হৈছে শ শ লোক। তাৰ মাজতে এতিয়া প্ৰতিগৰাকী অসমীয়া সাজু হৈছে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ। কিন্তু বিহু অনুষ্ঠানত আয়োজন কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰৰকাৰে জাৰি কৰা SOPকলৈ ঠায়ে ঠায়ে তীব্ৰ অসন্তুষ্টিয়ে গা কৰি উঠিছে। আনকি প্ৰতিবাদত বহিবলগীয়া হৈছে বিহু কমিটী সমূহ।
সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা কঠোৰ নিয়ম নীতিৰ মাজেৰে বিহুৰ অনুষ্ঠান কৰাতো সম্ভব নহয় বুলি সকলো কাৰ্যসূচী বাতিল কৰিলে কাজিৰঙাস্থিত কঁহৰা বসন্ত উত্‍সৱ সমিতিয়ে। যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰাৰ পিছতো বিহু সমিতিখনে অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হয়। সমিতিখনে অনুষ্ঠান পৰিবেশন কৰিবলগীয়া শিল্পীকো আগধনো দিছিল।
সোমবাৰে সংবাদমেল অনুষ্ঠিত কৰি সমিতিৰ বিষয়ববীয়াই কয় যে, ‘ চৰকাৰে জাৰি কৰা SOP মানি বিহু পতা অসম্ভৱ। ১১ বজাত বিহুৰ অনুষ্ঠান শেষ কৰাতো অসুবিধা। তদুপৰি অনুষ্ঠানত উপস্থিত থাকিবলগীয়া মানুহৰ হিচাপ দিয়াটো কোনো কাৰণতে সম্ভৱ নহয়। কাজিৰঙা পৰ্যটনস্থলী,ইয়াত কোৰোণা পৰীক্ষা কৰাৰ পিছত যদি পাঁচ ছয়জন লোকৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে, তেন্তে পৰ্যটনৰ ব্যৱসায় ক্ষতিগ্ৰস্ত হ’ব। সেইসকলোবোৰ দিশ পৰ্যালোচনা কৰি এইবাৰ বিহু স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সংবাদমেলত আয়োজকে মন্তব্য কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply