আত্মসহায়ক গোটৰ মহিলা সকলৰ উদ্যোগত বহাগী মেলা

কামপুৰ: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলা সকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত ৮ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে “বহাগী মেলাৰ” আৰম্ভ হৈছে ৷ ৰঙালী বিহুৰ প্ৰাক ক্ষনত গ্ৰাম্য উৎপাদিত সামগ্ৰী সমুহ সুলভ মুল্যত বিক্ৰীৰ লক্ষ্যৰে গ্ৰামাঞ্চলৰ মহিলা সকল উপকৃত হোৱাকৈ কঠিয়াতলী উন্নয়ণ খণ্ডৰ অন্তৰ্গত আত্ম সহায়ক গোট বোৰৰ উদ্যোগত এই মেলা অনুস্থিত হয় ।

কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত অনুস্থিত হোৱা বহাগী মেলাৰ মুকলি অনুস্থানত অংশ লয় কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড০ সংগীতা বৰঠাকুৰৰ উপৰিও কঠিয়াতলী উন্নয়ণ খণ্ডৰ বিষয়া সকলে । উল্লেখ্য যে কঠিয়াতলীৰ উন্নয়নখণ্ডৰ ১৪ টা পঞ্চায়তে এই মেলাত অংশ লৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply