ছাত্ৰ-ছাত্ৰীক বিহু কৰ্মশালাত প্ৰশিক্ষণ

গোলাঘাট: অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ঢোল-পেঁপাৰ সুৱদি মাতত অসমীয়াৰ পদূলিত ভুমূকি মাৰিছেহি হেঁপাহৰ ব’হাগে ৷ যোৱা বছৰ কৰোনাৰ বাবে বিহু উদযাপন কৰা নহ’ল যদিও এইবাৰ ৰঙালীক দুগুণ উৎসাহেৰে আদৰিবলৈ সাজু হৈছে প্ৰত্যেকজন অসমীয়া ৷ খুমটাইৰ বিভিন্ন প্ৰান্তত বিহু আখৰাৰে চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷

খুমটাইৰ ডেকা দোলাকাষৰীয়া গাঁৱৰ আদিত্য ক্লাবত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ৷ বেতিয়নী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ ১০ খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিহু কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ ৩০ মাৰ্চৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনত ১৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৷

চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱক সকলক আকৰ্ষিত কৰি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে গ্ৰামাঞ্চলৰ কণ কণ শিশু সকলক বিহুৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান বাবে কৰ্মশালা আয়োজন কৰিছে শিক্ষক সকলে ৷ ঢোলৰ চেৱত কণ কণ নাচনীৰ নাচত ৰজনজনাই আছে সমগ্ৰ ডেকা দোলাকাষৰীয়া অঞ্চল ৷ বিহু কৰ্মশালাত হেঁপাহ পলুৱাই বিহু নাচি আনন্দ অনুভৱ কৰিছে প্ৰশিক্ষাৰ্থী সকলে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply