কামপুৰত পালন কৰে গৰু বিহু

নিউজ ডেস্কঃ আজি গৰু বিহু । চত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয় । অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু ।

গাওঁৰ কৃষক সকলে সাতমপুৰুষীয়া ৰীতি নীতি মানি পালন কৰে গৰু বিহু । পুৱাতেই ওচৰৰ নৈ বিল পুখুৰীত গা ধুৱাই । গা ধুৱাই লাওঁ বেঙেনা,হালধী গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় – লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।

যোৰহাটৰ ভোগদৈ নদীত গৰুক গা ধুওৱা হৈছে বিহুৰ দিনা

গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে। সন্ধিয়া গৰুক আদৰ-সাদৰেৰে গোহালিলৈ অনা হয়৷ পিছত নতুন পঘাৰে গৰুক বন্ধাৰ উপৰিও গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত তথা ন-বিছনীৰে বিচি দি পিঠা-পনা খুওৱা হয়।

সোণাৰিত পালন কৰে গৰু বিহু

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি সোণাৰিতো পালন কৰা হৈছে গৰু বিহু। সোণাৰিৰ জনসাধাৰণে আজি পুৱাতেই পৰম্পৰা ৰক্ষা কৰি গৰু বিহু উদযাপন কৰিছে। মাহ-হালধিৰে গৰুক গা ধুওৱাৰ লগতে যথাৰীতি অনুসৰি পৰম্পৰা ৰক্ষাৰ চেষ্টা অব্যাহত ৰাখিছে।

আনহাতে বৃহস্পতিবাৰে ৰাজ্যত পালন কৰা হ’ব মানুহ বিহু । বিহুক লৈ চাৰিও ফালে উৎসাহ উদ্দীপনা দেখা গৈছে । ৰাজ্যৰ কোভিড পৰিস্থিতিৰ বাবে বিহুৰ ক্ষেত্ৰত বিভিন্ন ধৰনৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ।

গৰু বিহুৰ পৰম্পৰা ব্যবহাৰ হোৱা সামগ্ৰীসমূহ

সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো দেখা গৈছে গৰু বিহুৰ ব্যাপক উৎসাহ-উদ্দীপনা ৷ কামপুৰৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ভাৱে গৰু গা-ধূৱাই গৰু বিহু পালন কৰিলে গাঁৱৰ ৰাইজে ৷ কামপুৰ তেতেলিসৰাত নিশাৰী নদীত গাঁৱৰ ৰাইজ একত্ৰিত হৈ সমূহীয়াকৈ গৰুৰ গা-ধূৱাই ৷ এই লৈ কামপুৰ-তেতেলিসৰাত দেখা গৈছে ব্যাপক উচাহ ৷ গাঁৱৰ কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু, জেষ্ঠজন সকলো উলাই আহিছে নৈৰ ঘাটলৈ ৷ গৰু নোৱাই-ধুৱাই পৰম্পৰাগতভাৱে লাও,বেঙেনা, থেকেৰা গৰুৰ গালৈ দলিয়াই বিহুৰ সাতামপুৰুষীয়া ৰীতি-নীতি পালন কৰিছে গাঁৱৰ ৰাইজে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply