টীয়কৰ বগৰীগুৰিৰ ম’হৰ খুটিত ব্যস্ততা

টীয়ক: অসমীয়া সমাজ জীৱনত বিহু বুলি ক’লেই সততে চকুলৈ অহা এখন ছবি। আঠা দৈ আৰু ঘৰৰ আপোন মানুহবোৰৰ সৈতে এসাঁজ জলপান ৷ সেয়ে বিহুক লৈ গুৱালৰ মাজত সীমাহীন ব্যস্ততা আজি ম’হৰ খুটি সমূহত ।
গুৱালৰ মুখত যেন আজি হাঁহি বিৰিঙিছে ৷

কাৰণ বিগত বৰ্ষত ক’ৰোনা মহামাৰী বাবে ৰাজ্যত যি ভয়াবহ পৰিস্থিতি হৈছিল তাৰ পৰিপেক্ষিতত বিগত বছৰত সেই বিহু উদযাপন কৰিব নোৱাৰিছিল ৰাজ্যবাসীযে যাৰ ফলত এই গাখীৰৰ গুৱালসকল সন্মুখীন হৈছিল বৃহৎ লোকচানৰ৷

এইবাৰ বিহুত যদিও ক’ৰোনাৰ কিছু প্ৰভাৱ আছে তথাপিও প্ৰশাসনৰ নীতি নিৰ্দেশনাই কিছু আশা কঢ়িয়াইছে ৰাইজলৈ আৰু সেয়ে একপ্ৰকাৰে গাখীৰৰ খুটি সমূহত বাঢ়িছে ব্যস্ততা ৷যিটোয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিলৈ এক আশা কঢ়িয়াইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply