স্মৃতি ৰেখা লাহন,টীয়ক: ৰাজ্যৰ চৌদিশে ক’ৰোনা সৃষ্ট আতংকময় পৰিৱেশৰ মাজত অসমীয়াই উযাপন কৰিছে ৰঙালী বিহু । ঢোল,পেঁপা, গগনাৰ মাতত এতিয়া মুখৰিত গাঁও, চহৰৰ আকাশ বতাহ । হুঁচৰি দলসমূহৰ লগতে বিহুৱা,বিহুৱতী সকল দীৰ্ঘদিনীয়া অনুশীলনৰ অন্তত ওলাইছে চোতাল বিহু, মঞ্চ বিহুৰ বাবে ।
ব্যতিক্ৰম নহয় টীয়কৰ চাউদাং গাঁৱৰ যুৱতী ঢুলীয়া সংযুক্তাশ্ৰী বৰা ।যোৱাবছৰ ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিহু উদযাপন কৰিব পৰা নাছিল যদিও এইবাৰ পৰিৱেশ অলপ সুকীয়া ।
কৰোনাতংকৰ মাজতো অসমীয়াৰ বাপতি সাহোন বিহুত বিভিন্ন মঞ্চ, চোতালত ঢোল বাদন প্ৰদৰ্শনৰ লগতে হুঁচৰি দলত ঢুলীয়া হিচাপে অংশগ্ৰহণ কৰাৰ বাবে ওলাইছে মহিলা ঢুলীয়া গৰাকী। অসমৰ প্ৰথমগৰাকী মহিলা ঢুলীয়া পুণ্যপ্ৰভা দত্ত তামুলীৰ অনুসৰণ কৰি আগবাঢ়িছে এইগৰাকী যুৱতী ঢুলীয়া।