স্মৃতি ৰেখা লাহন, টীয়ক : নিৰ্বাচনৰ ঢৌ এতিয়া শাম কাটিলে ৰাজ্যত । লকডাউনৰ আশংকাত এতিয়া ৰাজ্য বাসী । তাৰ মাজতে চেনেহৰ ৰঙালী বিহুক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে অসমীয়াই । ঢোল ,পেঁপাৰ মাতত এতিয়া চৌদিশ মুখৰিত । বিহুৱা, বিহুৱতী সকল ব্যস্ত আখৰাত ।গাঁৱৰ জীয়াৰী, বোৱাৰী সকল ব্যস্ত গামোচা বোৱাত আপোনজনক প্ৰদান কৰিবৰ বাবে ।
ইয়াৰ মাজতে টীয়কৰ বলমা লাহন গাঁৱৰ বিশ্বজিৎ লাহন নামৰ এজন যুৱকৰ কৰ্মই সকলোকে আকৰ্ষিত কৰিছে।তাঁতশালত ব্যস্ত বিশ্বজিতে বৈ উলিয়াইছে এখনৰ পিছত আনখন গামোছা । ৰাজ্যৰ আমদানিকৃত গামোচাৰ প্ৰয়োভৰ ৰোধৰ বাবে সকলোৱে এনে প্ৰয়াস অব্যাহত ৰখাৰ আহ্বান জনাইছে বিশ্বজিতে ।
সততে সামাজিক মাধ্যমত তথা ৰাজপথত জাতীয়তাবাদৰ পৰিচয় দিব খোজাসকলক হাতে কামে লাগি প্ৰকৃত জাতীয়বাদৰ প্ৰতিষ্ঠাৰ বাবে এনেদৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই টীয়কৰ যুবক বিশ্বজিত লাহনে ।উল্লেখযোগ্য যে বিশ্বজিতৰ এয়া প্ৰথম প্ৰচেষ্টা সেয়ে এইবাৰ উৎপাদিত গামোচা বিক্ৰী নকৰি গাঁৱৰ হুঁচৰিত পৰম্পৰা ৰক্ষা কৰি বস্ত্ৰ দান কৰিব বুলি মন্তব্য কৰে।