নিউজ ডেস্ক: চৰকাৰে বিহুৰ আয়োজনক লৈ নীতি নিৰ্দেশনা দিছে যদিও ক’ভিড মহামাৰীৰ বাবে বিগত বর্ষত ৰঙালী বিহু উদযাপনৰ পৰা বঞ্চিত হোৱা ৰাজ্যবাসীয়ে এইবাৰ দুগুণ উৎসাহেৰে সাজু হৈছে ৰঙালীক আদৰিবলৈ৷ ক’ভিড আক্রান্তৰ সংখ্যা ৰাজ্যত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিলেও ৰাজ্যবাসীয়ে ৰঙালীক আদৰৰ প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে৷
ইয়াৰ মাজতে আগতীয়াকৈ বজাৰত উপলব্ধ হৈছে নানা খাদ্য–সম্ভাৰ৷ ৰামদিয়াৰ দৈ, সৰভোগৰ ক্রীম, শিৱসাগৰৰ হুৰুমৰ পৰা আৰম্ভ কৰি নাৰিকলৰ লাড়ু–পিঠা, চিৰা, কোমল চাউল, গুৰ আদিৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ৷ মহানগৰীৰ বিভিন্ন পদপথৰ লগতে ঠায়ে ঠায়ে আয়োজন কৰা বিহু মেলাত এই সামগ্রীসমূহ উপলব্ধ হৈ পৰিছে৷
কিছু সামগ্রীৰ মূল্য বিগত বর্ষসমূহৰ তুলনাত সামান্য পৰিমাণে বৃদ্ধি পাইছে যদিও বজাৰত সকলো সামগ্রী উভৈনদী হৈ পৰিছে৷ মহানগৰীৰ বজাৰত ১০খন নাৰিকলৰ পিঠাৰ দাম হৈছে ৫৫ৰ পৰা ৬০ টকা৷ পূর্বে ইয়াৰ দাম ৫০ টকা আছিল৷ সেইদৰে ১০টা নাৰিকলৰ লাড়ুৰ ৫৫ৰ পৰা ৬০ টকা, তিলৰ লাড়ু ৫০ টকা, তেলপিঠা ৫০ টকাত বিক্রী হৈছে মহানগৰীৰ বজাৰত৷

আনহাতে, জহা চিৰা প্রতিকিলোগ্রামত ১০০ টকা, বৰা চিৰা প্রতি কিলোগ্রামত ৮০ টকা, মালভোগ চিৰা প্রতি কিলোগ্রামত ১০০ টকা, আসৈ প্রতি কিলোগ্রামত ২০০ টকা, মুড়ি প্রতি কিলোগ্রামত ১০০ টকা, হুৰুম প্রতি কিলোগ্রাম ৬০০ টকাত উপলব্ধ হৈছে৷ সেইদৰে প্রতি কিলোগ্রাম গুৰ ১০০ টকা, প্রতি কিলোগ্রাম দৈ ১৫০ টকা আৰু ক্রীম প্রতি কিলোগ্রামত ৫০০ টকাত বিক্রী হৈছে মহানগৰীৰ বজাৰত৷ বৰা চাউল প্রতি কিলোগ্রামত ৮০ টকা, কোমল চাউল প্রতি কিলোগ্রামত ১০০ টকা আৰু সান্দহ প্রতি কিলোগ্রামত ১০০ টকাকৈ মহানগৰীৰ বজাৰত বিক্রী কৰিছে ৰাজ্যৰ বিভিন্ন প্রান্তৰ ব্যৱসায়ীসকলে৷
ৰঙালী বিহুলৈ মাজত মাথোঁ এটা দিন থকাৰ সময়তে মহানগৰীৰ বজাৰত চাহিদা বাঢ়িছে গামোচাৰ৷ পকোৱা সূতাৰ পৰা আৰম্ভ কৰি পাটসূতাৰ গামোচালৈকে বজাৰত উপলব্ধ হৈছে৷ মহানগৰীৰ বজাৰসমূহত ১৫০ টকাৰ পৰা আৰম্ভ কৰি ১,৫০০ টকা পর্যন্ত মূল্যৰ গামোচাৰে ভৰি পৰিছে৷

ক’ভিডৰ বাবে চৰকাৰে জনসমাগমৰ পৰা জনসাধাৰনক আতৰি থাকিবলৈ কৈছে যদিও মহানগৰীৰ ফাঁচি বজাৰত বৃহৎ সংখ্যক গ্ৰাহকে ভীৰ কৰা পৰিলক্ষিত হয় ৷বিহুৰ দিনা নতুন সাজ পিন্ধাৰ বাবেই এইদৰে ৰাজ্যৰ অন্যতম ডাঙৰ বজাৰ খনলৈ আহে ৰাইজ৷ ক’ভিড প্ৰট’কল সম্পূৰ্ণ ৰূপে নসাৎ কৰি জনসাধাৰন উবুৰি খাই পৰে বজাৰ খনত ৷ একেই অৱস্থা শ্বপিং ম’ল সমূহতো দেখা যায় ৷