সোণাৰি: ৰাজ্যত এতিয়া অব্যাহত আছে ব’হাগ বিহুৰ ব্যাপক প্ৰস্তুতি। প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা তথা জা-জলপান প্ৰস্তুত কৰাত। সমান্তৰালকৈ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ব’হাগী মেলা। পিছ পৰি ৰোৱা নাই সোণাৰিৰ জনসাধাৰণ। সোণাৰিৰ বিভিন্ন প্ৰান্তত বিহুৰ আখৰা অব্যাহত ৰাখিছে বিহুৱা-বিহুৱতীসকলে।
সোণাৰি নগৰত অনুষ্ঠিত হৈছে ব’হাগী মেলা। ইফালে সোণাৰিৰ বামপথাৰ বেঙেণাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত হ’ল ৰঙালী বিহুৰ আদৰণি অনুষ্ঠান। বিহু সংস্কৃতিৰ লগতে লোকবাদ্য সমূহৰ লগত ছাত্ৰ-ছাত্ৰীক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত হ’ল বিহু আদৰণি অনুষ্ঠান।
আনহাতে অনুষ্ঠানত বিশেষ ভাৱে সক্ষম যুৱতী প্ৰিঞ্চি গগৈ উপস্থিত থাকি চিত্ৰ অংকণ কৰে। উল্লেখ্য যে বিশেষ ভাৱে সক্ষম প্ৰিঞ্চিৰ বিষয়ে সপ্তম শ্ৰেণীৰ পাঠ্যপুথিত সন্নিবিষ্ট হৈ আছে তেওৰ জীৱন সংগ্ৰামৰ কথা।