চাবুৱা : আজি হ’ল উৰুকা, কাইলৈ গৰু বিহু, হেঁপাহৰ ৰঙালীক আদৰাৰ পুৰ্ণ প্ৰস্তুতি চলিছে চহৰে-নগৰে, গাঁৱে-ভূঞে। বিহুৰ বতৰত এফালে যদি থলুৱা বাদ্য প্ৰস্তুত কৰিছে শিল্পীয়ে, আনফালে পিঠা-পনা, জা-জলপান তৈয়াৰত লাগিছে যুৱতী-মহিলা। সমান্তৰালকৈ বজাৰতো উভৈনদী হৈ পৰিছে বিহুৰ বিবিধ সামগ্ৰী।
যদিও পূৰ্বৰ দৰে বিহু বুলিলেই গা সাতখন-আঠখন কৰা সেই সময় নাই যদিও ঠাই বিশেষে বৰ্তমানেও চলি আছে ব’হাগ বিহুৰ পৰম্পৰাগত ৰূপ ।
চাবুৱাৰ মটক জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল বৰুৱাহোলা, বালিজান,পকাবাম আদি গাঁৱত আজিও মাটি আৰু মানুহৰ উৎসৱ ব’হাগৰ অনন্য স্বকীয় সংস্কৃতি চ’ত মাহৰ বিহু নমোৱা পৰ্ব পালন কৰিছে ।
উল্লেখ্য যে, পূৰ্বৰ পৰা বিহু নমোৱা পৰ্ব কেৱল উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাতে দেখা যায়। মটক জনগোষ্ঠীৰ যুৱক সকলে নিশা নিৰ্দিষ্ট গছৰ তলত চেনেহৰ ব’হাগ বিহুক আদৰণি জনাই বিহু উদযাপন কৰে । চ’তৰ বিহু নমোৱাৰ নিয়মটোৰ বিশেষত্ব হ’ল গাঁৱৰ যুৱক সকলে বিহুক আদৰণি নজনোৱাকৈ গাঁৱৰ মানুহৰ ঘৰত হুঁচৰি গাব নোৱাৰে।