সমগ্ৰ ৰাজ্যত এতিয়া বিহুৰ উচ্ছাহ উদ্দীপনা। সকলো ব্যস্ত বাপতিসাহোন বিহুক লৈ । তেনে এক সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে এটি বিহুদলক লৈ।
সকলো সাধাৰণ যেন লাগিলেও কিন্তু এটা কথা লক্ষ্য কৰিলে আচৰিত হব যে এই দলটি প্ৰতিগৰাকী সদস্য দৃষ্টিহীন।
শুনি আচৰিত লাগিলেও এয়াই সত্য। মৰাণৰ সমীপৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত খালৈঘোগুৰা গাঁৱত আখৰাত ব্যস্ত এই বিহু দলটি।
সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা বছৰে পৰা আৰম্ভ কৰিছে বিহু দলটো।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একত্ৰিত হৈ গঠন কৰা হৈছে এই বিহু দলটি।
উল্লেখ্য যে নিজ খালৈঘোগুৰা অঞ্চলৰ দিম্পী বৰুৱাৰ সহায় সহযোগত গঠন কৰা হৈছে এই দৃষ্টিহীন বিহু দলটি। বিহুৰ বতৰত দলটো সাজু হৈছে ৰাজ্যৰ ভিন্ন ঠাইত বিহু প্ৰদৰ্শনৰ বাবে।