মৰাণ: মাত্ৰ দুটামান দিন বাকী । দুৱাৰ মুখ পালেহি অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুটি । চিৰা- পিঠা, জা-জলপানৰ পৰা বিহু আখৰাৰৰ লৈকে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বিহুৰ সকলো কৰ্মৰাজি । ইফালে কৃষক সকলে পৰম্পৰা ৰক্ষাৰ বাবে আপোন গৰুহালৰ বাবেও যাৱতীয় প্ৰায়বিলাক সামগ্ৰী প্ৰস্তুত কৰাত লাগিছে ।
কৃষক সকলৰ তেনে এক ব্যস্ততা দেখিবলৈ পোৱা গৈছে মৰাণৰ সমীপৰ খোৱাং দলনিকুঁৰত । গাঁওখনৰ প্ৰায় অৰ্ধশতাধিক পৰিয়াল ব্যস্ত এতিয়া তৰাৰ পঘা আৰু মৰাপাটৰ পঘা প্ৰস্তুত কৰাত । ইতিমধ্যে পৰিয়ালকেইটাই হাজাৰ হাজাৰ পঘা সমগ্ৰ ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ বিভিন্ন বজাৰত বিক্ৰী কৰিবলৈ উলিয়াই দিছে ।
পৰিয়ালকেইটাই জানিবলৈ দিয়া অনুসৰি তেওঁলোকে নিজেই খেতি কৰা মৰাপাট আৰু হাবিৰ পৰা বিচাৰি অনা তৰা গছেৰে মেৰামতি কৰে এই পঘা সমূহ । ফাগুন, চ’ত মাহৰ পৰা মেৰামতি কৰি সম্পূৰ্ণ হোৱা পঘাসমূহ বজাৰত ২২ টকাৰ পৰা ২৫ টকা দৰত পাৰকাৰী আৰু খুচুৰাকে বিক্ৰী কৰে । তেওঁলোকে বিহুৰ বাবে যাৱতীয় খৰচ এই পঘাৰ পৰাই উপাৰ্জন কৰে বুলি জানিবলৈ দিয়ে ।
ইফালে গৰু সংখ্যা কমিছে বুলি বিভিন্ন সময়ত চৰ্চা চলিলেও এই পঘাৰ আদৰ বা বিক্ৰীৰ পৰিমাণ এতিয়াও কমা নাই বুলি পৰিয়ালকেইটাই উল্লেখ কৰে । গৰু বিহু দিনা নতুন পঘাৰে বন্ধাতো অতীতৰে পৰা চলি আহিছে অসমীয়াৰ মাজত।এইবাৰো ব্যতিক্ৰম নহয় তাৰবাবেই অসমৰ গ্ৰাম্য জীৱনত এনে ছবি আজিও দেখা যায়।