মৰাণ:গছে বনে সলাইছে পাত, সজীৱ হৈছে এতিয়া প্ৰকৃতি, উজনি নামনি সকলোতে এতিয়া ঢোলৰ গুমগুমনি, কাৰণ এতিয়া যে বিহু আগমনৰ বতৰা। পদুলি মুখত ৰঙালী বিহু। চেনেহৰ ৰঙালীক আদৰিবলৈ এতিয়া সাজু চহা অসমীয়া।
সম্ভাৱনাৰ বতৰা লৈ অহা বিহু বুলিলেই অসমীয়াৰ গা সাতখন আঠখন। ৰাজ্যজুৰি বিহুৰ আখৰাত ব্যস্ত ঢুলীয়া নাচনী সকল। ৰৈ নাথাকিল কণমানিটিও। মুগাৰ ৰিহা মেখেলা মেৰিয়াই এপাক নাচিলেও।
এইয়া মৰাণৰ সমন্বয় সাংস্কৃতিক বিকাশ গোষ্ঠীৰ উদ্যোগত মৰাণত অনুষ্ঠিত হোৱা বিনামূলীয়া লোকবাদ্য আৰু বিহু নাচ কৰ্মশালাৰ দৃশ্য ।
১০ দিনীয়া এই কৰ্মশালাত বৃহত্তৰ মৰাণ অঞ্চলৰ কণ কণ ঢুলীয়া নাচনীকে প্ৰমূখ্য কৰি ৪০০ ত কৈ অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহন কৰিছে।
৭ টা বছৰে একক ভাৱে অনুষ্ঠিত হৈ অহা এই কৰ্মশালাত বৰ্তমান লৈকে ৩ সহশ্ৰাধিক ছাত্ৰ ছাত্ৰী উপকৃত হৈছে।