শিৱসাগৰত অ এন জি চিৰ বসন্ত উৎসৱ ২০২২ এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব। সমিতিৰ সকলো বিষয়ববীয়াৰ উপস্থিতিত শিৱসাগৰৰ অ এন জি চিৰ অফিচাৰ্চ ক্লাৱত সংবাদমেল যোগে জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।
২০০৫ চনৰ পৰা উদযাপন কৰি অহা বসন্ত উৎসৱ দুটা বছৰ ক’ভিড অতিমাৰীৰ বাবে উদযাপন কৰিব পৰা হোৱা নাছিল।
অহা ২২,২৩ আৰু ২৪ এপ্ৰিলত তিনিদিনীয়াকৈ বসন্ত উৎসৱ উদযাপন কৰা হব।

নতুন প্ৰজন্মক বিহুৰ লগত চিনাকী কৰাই দিবলৈ বসন্ত উৎসৱ উদযাপনৰ লগত সংগতি নাজিৰা আৰু শিৱসাগৰৰ আৱাসিক এলেকাত বিহু কৰ্মশালা অনুষ্ঠিত কৰা হব।

২২ এপ্ৰিল তাৰিখে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব।

বসন্ত উৎসৱ ৰ তিনিদিনীয়া কাৰ্য্যসূচীত বৰবিহুৱতী,হুচৰী আৰু জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব।
বিহুৰ ইতিহাস চিৰ যুগমীয়া কৰি ৰাখিবলৈ বসন্ত উৎসৱত এনাজৰী নামৰ এখন আলোচনী প্ৰকাশ কৰা হব।
উক্ত বসন্ত উৎসৱৰ ২০২২ৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু দিপলীনা ডেকাৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply