স্মৃতি ৰেখা লাহন, টীয়ক: ৰাজ্যৰ চৌপাশে বহাগ বিহুক আদৰাত ব্যস্ত সকলো।কালিলৈ পৰা ৰাজ্যত কাৰ্যালয়,বিদ্যালয়,মহাবিদ্যালয়ৰ চৰকাৰী বিহুৰ বন্ধ। সেয়ে আজি ছাত্ৰী সকলক অসমৰ চহকী সংস্কৃতিৰ চৰ্চা আৰু ইয়াৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যে টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত উদযাপন কৰিছে ৰঙালী বিহু।বিহু কেইদিন বিদ্যালয় যিহেতু বন্ধ থাকিব সেয়ে উৰুকাৰ আগদিনা সোমবাৰে বিদ্যালয় প্ৰাংগণত আয়োজন কৰিছে ৰঙালী বিহু ।

অনুষ্ঠানত ছাত্ৰী সকলে প্ৰদৰ্শন কৰে হুঁচৰিকে ধৰি বিহু গীত,নাচ আদি।অসমীয়াৰ চহকী সংস্কৃতিৰ সৈতে ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াৰ সমান্তৰালকৈ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে বিদ্যালয়তে এইদৰে অনুষ্ঠান আয়োজন কৰা হৈছে বুলি মন্তব্য কৰিছে অধ্যক্ষগৰাকীয়ে।উল্লেখযোগ্য যে এই মঞ্চত বিহুৰ লগতে বৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ নৃত্য গীতৰ সমাহাৰে এক আকৰ্ষণীয় পৰিবেশ গঢ়ি তুলিছে ছাত্ৰীসকলে। চৰকাৰী বিদ্যালয়খনৰ এই পদক্ষেপক এতিয়া সকলোৱে আদৰণী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply