বিহু হুঁচৰিৰ পৰা বিহু সম্ৰাজ্ঞীলৈ আকৰ্ষণীয় প্ৰতিযোগিতাৰে সাজু হৈছে মহানগৰীৰ বিহুতলী

নিউজ ডেস্ক: কৰোনাৰ আতংক আৰু চৰকাৰৰ গাইড লাইনৰ মাজেৰে বিহুৰ আয়োজন কৰিবলৈ সাজু ৰাজ্যৰ বিহুতলী সমূহ । কাৰ্যসূচীসমূহ কিছু কম কৰিছে যদিও নামী দামী তাৰকা শিল্পীৰ অনুষ্ঠানে এইবাৰো বিহুতলী ৰজনজনাব ।
মহানগৰীৰ ঐতিহ্যমন্ডিত গুৱাহাটী বিহু সন্মিলনীৰ অন্যতম আকৰ্ষণ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা ১৭ এপ্ৰিলত আয়োজন হ’ব । এইবাৰৰ বিহু সম্ৰাজ্ঞীৰ বিজয়ী প্ৰতিযোগীক ১০ গ্ৰাম সোণ, এক লাখ নগদ টকা, টিভি, ফ্ৰিজ আদিকে ধৰি বহুতো উপহাৰ প্ৰদান কৰিব বুলি আয়োজক সমিতিৰ কৈলাশ শৰ্মাই জানিবলৈ দিয়ে । প্ৰায় ১৫ লাখ টকাৰ বাজেটেৰে হবলগীয়া বিহুৰ পতাকা উত্তোলন লতাশিল খেলপথাৰত অহা ১৪ এপ্ৰিলত কৰাৰ পিছত বিভিন্ন কাৰ্যসূচী হাতত লৈছে বুলি আয়োজকে জানিবলৈ দিয়ে ।

চানমাৰীৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ৩৫ লাখৰ বাজেটেৰে পূব গুৱাহাটী বিহু সন্মিলন,

ইয়াৰ বিপৰীতে অহা ২৩ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বেলতলা ব’হাগী উৎসৱ আয়োজন কৰিছে । এইখন বিহুৰ বাজেট এইবাৰ ২০ লাখ । বেলতলা ব’হাগী উৎসৱত এইবাৰ অহা ২৫ এপ্ৰিলত ভূপেন হাজৰিকা বঁটা প্ৰদান কৰিব বলীউদৰ খ্যাতনামা সংগীত শিল্পী উদীত নাৰায়ণক । তদুপৰি তিনিদিনীয়া বিহুৰ অনুষ্ঠানত বলীউডৰ শিল্পী মহালক্ষ্মী আয়াৰ, পাপন, জুবিন,যুৱ প্ৰজন্মৰ জনপ্ৰিয় গায়ক শংকুৰাজৰ লগতে ৰিচা ভৰদ্বাজৰ অনুষ্ঠান অনুষ্ঠিত কৰিব । ইয়াৰ লগতে বেলতলা বিহু সমিতিয়ে বিহু হুঁচৰি আৰু পাটমাদৈ প্ৰতিযোগিতাৰ আয়োজন কৰিছে । পাটমাদৈ প্ৰতিযোগিতাৰ বিজয়ীক নগদ ২ লাখ আৰু বিহু হুঁচৰিত বিজয়ী দলক ১ লাখ টকাৰ মাননী আগবঢ়াব ।

পান্ডু বিহু সন্মিলনীয়ে এইবাৰো চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে বিহুৰ অনুষ্ঠান । মালিগাঁও ৰে’লৱে ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হ’বলগা এইবাৰৰ বিহুৰ বাজেট হ’ব ১৮ ৰ পৰা ২০ লাখ । প্ৰথম দিনাই মালিগাঁও ৰভা পাৰ্কৰ পৰা বিহুতলীলৈকে আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব । বিহুৰ সংগীতানুষ্ঠানত ৰাজ্যৰ বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ গীত পৰিবেশনৰ লগতে ছিকিমৰ লোক সংস্কৃতি, কলকাতাৰ বাউল, বৰপেটাৰ ভোৰতাল নৃত্য আদি পৰিবেশন কৰিব ।

ৰঙালী বিহু সন্মিলন

গীতানগৰ বিহু সন্মিলনীয়েও আয়োজন পুৰ্ণগতিত চলাইছে । চাৰিদিনীয়াকৈ হ’ব লগা বিহুৰ বাবে সন্মিলনীয়ে ক’ভিড প্ৰট’কল মানিয়েই আয়োজন কৰাৰ কথা প্ৰকাশ কৰিছে । এইবাৰ ২২ লাখ টকা বাজেটেৰে এই বিহুৰ আয়োজন কৰিছে । বিহুৰ বিভিন্ন কাৰ্যসূচীৰ লগতে নীল আকাশ, ময়ূৰী দত্ত আদি জনপ্ৰিয় শিল্পীৰ অনুষ্ঠানৰ আয়োজন কৰিছে । সেইদৰে শোধনাগাৰ খেলপথাৰত তিনিদিনীয়াকৈ ৫৮ সংখ্যক নুনমাটী বিহু সন্মিলনীৰ অনুষ্ঠানৰ আয়োজন কৰিছে । অহা ১৪ ৰ পৰা ১৬ এপ্ৰিললৈকে তিনিদিনীয়া কাৰ্যসূচীৰে খাৰঘূলি বিহু সন্মিলনীৰ অনুষ্ঠানত জুবিন গাৰ্গ, পাপন, নীল আকাশৰ দৰে জনপ্ৰিয় শিল্পীৰ অনুষ্ঠানৰ আয়োজন কৰিছে । আনহাতে ৬৩ সংখ্যক আজৰা ৰাজহুৱা সভাঘৰ প্ৰাংগনত আজৰা ৰঙালী বিহু সন্মিলনীয়ে এইবাৰ ২২ লাখ টকাৰ বাজেটেৰে আয়োজন কৰিছে বিহুৰ অনুষ্ঠানৰ আয়োজন । চানমাৰীৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ৩৫ লাখৰ বাজেটেৰে পূব গুৱাহাটী বিহু সন্মিলন, ২৫ লাখ টকা বাজেটেৰে উলুবাৰী ৰঙালী বিহু সন্মিলনীয়ে বিহু অনুষ্ঠানৰ বাবে সাজু হৈছে । চৰকাৰে ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ আয়োজনৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা দিছে যদিও বিহুৰ আয়োজক সমিতি সমূহে পূৰ্ণোদ্যমে ব্যস্ত হৈ পৰিছে বিহুৰ আয়োজনত ।

ৰাজ্য চৰকাৰৰ এছঅ’পি (SOP)ক লৈ প্ৰতিবাদ মুখৰ হৈ পৰে বিহু সমন্বয়ৰক্ষী সমিতি

দেওবাৰে ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে এছঅ’পি (SOP)ৰ বিৰুদ্ধে প্ৰায় ৩০ খন বিহু সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিহু অনুষ্ঠানক লৈ ৰাজ্যিক স্বাস্থ্য বিভাগে প্ৰকাশ কৰা নীতি-নিয়মৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিহু সমন্বয়ৰক্ষী সমিতি ৷
ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত প্ৰায় ৩০ খন বিহু সমিতিয়ে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ বিপৰীতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য মন্ত্ৰালয়ে দিয়া নিৰ্দেশ পালন নকৰিলে কেন্দ্ৰীয় চৰকাৰে বাধ্য কৰালে সকলো কাৰ্যসূচীয়েই বাতিল কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ’ব৷ সেইবাবেই এই নিৰ্দেশ পালন কৰাটো প্ৰয়োজন বুলি ক’লে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply