তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰাত উত্তপ্ত পৰিস্থিতি। এগৰাকী কিশোৰী বিগত তিনিদিন ধৰি সন্ধানহীন হোৱাক কেন্দ্ৰ কৰি ৰঙাপৰাৰ সমীপৱৰ্তী বৰজুলিত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে স্থানীয় ৰাইজে।
জানিহ পৰা মতে, ৰঙাপৰাৰ হাটখোলাৰ নিৱাসী ফাৰুক আহমেদৰ পুত্ৰ আশ্ৰফ আহমেদ ৰঙাপৰা বৰজুলি চাহ বাগিচাৰ ১৭ নং শ্ৰমিক লাইনৰ বাসিন্দা বিক্ৰম দীঘালৰ কন্যা তথা ৰঙাপৰা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি থকা কিশোৰী গৰাকীক পলুৱাই লৈ যায়।
এগৰাকী হিন্দু কিশোৰীক এজন মুছলমান ধৰ্মাৱলম্বীৰ কিশোৰে গোপনে নিয়াৰ ঘটনা বিয়পি পৰাত অঞ্চলটোৰ ৰাইজ ক্ষুব্ধ হৈ পৰে।
লগতে পঢ়কঃ পানীৰ অভাৱত পথাৰত মেলিছে চিৰাল ফাটঃ কৃষকৰ হাহাকাৰ
কিশোৰী তথা ছাত্ৰী গৰাকীক বিচাৰি ফাৰুক আহমেদৰ ঘৰত বিচাৰি যোৱাৰ পাছতেই পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে।
ৰাইজৰ অভিযোগ অনুসৰি যুৱকজনৰ পৰিয়ালৰ জুৱেৰ আহমেদে বৰজুলি ১৭ নং শ্ৰমিক লাইনৰ বাসন্তী দীঘাল, মৌচুমী দীঘাল, চিতা চাচনি, গোলপী ৰাজপুত আৰু মালতী কেওটক শাৰীৰিক ভাৱে প্ৰহাৰ কৰে।
এই ঘটনা সংঘটিত হোৱাৰ পাছত ৰঙাপৰা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলী চালনা কৰিবলৈ বাধ্য হয়। ইতিমধ্যে আৰক্ষীয়ে যুৱক জনৰ পৰিয়ালৰ এজন ব্যক্তিক আটক কৰাৰ লগতে যুৱক- যুৱতীদ্বয়ক বিচাৰি তদন্ত আৰম্ভ কৰিছে।