গুৱাহাটী : যোৱা ৬ মে’ৰ পৰা বন্ধ হৈ থকা ৰোপৱে সেৱা বৃহস্পতিবাৰৰ পৰা পুনৰ মুকলি। ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে যোৱা ৬ মে’ৰ পৰা বন্ধ হৈ থকা ৰোপৱে সেৱাৰ ভাড়া বৃদ্ধি কৰি পুনৰ মুকলি কৰা হ’ল। সম্পূৰ্ণ কভিড প্ৰট’কল মানি যাত্ৰী সকল উঠিব লাগিব ৰোপৱেত। পুৱা ৮.৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলিব ৰোপৱে সেৱা।

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ৰোপৱে সেৱা বৃহস্পতিবাৰৰ পৰা পুনৰ মুকলি কৰা হয়। অহা যোৱাৰ বাবে পূৰ্বৰ ১০০ টকাৰ পৰিবৰ্তে এতিয়াৰে পৰা ৰোপৱেত যাত্ৰীয়ে দিব লাগিব ১৫০ টকা। আনহাতে এবাৰ ৰোপৱেৰে এবাৰ ব্ৰহ্মপুত্ৰ নদী পাৰ হ’লে পূৰ্বৰ ৬০ টকাৰ পৰিবৰ্তে দিব লাগিব ১০০ টকা।

লগতে পঢ়ক :পেগাছাচ স্পাইৱেৰৰ তালিকাত সম্মুজ্বল কুমাৰ ভট্টচাৰ্য আৰু নেতা অনুপ চেতিয়াৰ নাম

ইফালে ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ থকা ৰোপৱে সেৱা পুনৰ মুকলি কৰি শিশু আৰু জ্যেষ্ঠ নাগৰিক সকলৰ ক্ষেত্ৰত ভাড়া হ্ৰাস কৰা হৈছে। শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ ভাড়া পূৰ্বৰ তুলনাত আধা কৰা হৈছে। ইয়াৰ পৰিবৰ্তে বিশেষভাৱে সক্ষম লোক সকলৰ ক্ষেত্ৰত ৰোপৱেৰ ভাড়া সম্পূৰ্ণ ৰেহাই থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,474 other subscribers

Leave a comment

Leave a Reply Cancel reply