ৰেলৱেৰ টিকট অবৈধভাবে বিক্ৰী কৰাৰ অপৰাধত লামডিঙত আটক হ’ল এজন যুবক। আটকাধীন যুৱক জনৰ নাম সুৰজিত দাস । ঘৰ লামডিঙৰ জৰংদীছাত।
লামডিং চহৰৰ মাজ মজিয়াত লামডিং আৰক্ষী থানা ৰোডত থকা শতাব্দী কমিউনিকেচন নামৰ দোকানত ৰেল আৰক্ষীয়ে অভিযান চলাই অবৈধ ৰেলৰ টিকেট বিক্ৰি কৰা হাতে লোটে ধৰা পেলাই। শতাব্দী কমিউনিকেচন নামৰ দোকানৰ মালিক সুৰজিত দাসক আটক কৰি লামডিং ৰেল আৰক্ষী থানালৈ লৈ যায়।
শতাব্দী কমিউনিকেচন নামৰ দোকানৰ মালিক সুৰজিত দাসে ৰেজিষ্টাৰ একাউন্ট ব্যবহাৰ নকৰি নিজৰ একাউন্ট দি ৰেলৰ টিকেট বিক্ৰি কৰাৰ অভিযোগ ৰেল আৰক্ষীৰ। প্ৰায় এবছৰ ধৰি চলাই আছিল অবৈধভাৱে ৰেলৰ টিকট বিক্ৰিৰ ৰমৰমীয়া বেহা।