তিনিচুকীয়া : এক নিশ্চিত অঘটনৰ পৰা কথমপি ৰক্ষা পৰিল তিনিচুকীয়া ৰে’ল ষ্টেচন। ৰে’ল ষ্টেচনত এৰিবলৈ লােৱা ৰে’লত উঠিবলৈ গৈ বিপদত পৰা এজন বৃদ্ধৰ প্ৰাণৰক্ষা কৰিলে প্লেটফ’ৰ্মত কৰ্তব্যৰত এজন ৰে’লৱে আৰক্ষীৰ হেড কনিষ্টবলে।
এগৰাকী বৃদ্ধৰ প্ৰাণ ৰক্ষা কৰাৰ সাহসিকতাৰ বাবে দেশজুৰি উচ্চ প্ৰশংসা লাভ কৰিছে এ বি ছিকদাৰ নামৰ এজন ৰে’লৱে আৰক্ষীৰ জোৱানজনে। উল্লেখ্য যে শনিবাৰে ১৫৬੦৩ নং গুৱাহাটী-লিডু ইন্টাৰচিটি এক্সপ্ৰেছে ষ্টেচনৰ পৰা ৰাওনা হােৱাৰ সময়তে এজন বয়ােজ্যেষ্ঠ লােকে ৰে’লখনত উঠিবলৈ চেষ্টা কৰে।
লগতে পঢ়ক : ক্ষেত্ৰীত বনৰীয়া হাতীৰ সন্ত্ৰাস : ভাঙি লণ্ডভণ্ড কেইবাটাও গৃহ
চলি থকা ৰে’লখনত উঠিবলৈ চেষ্টা চলাওঁতে দুৰ্ভাগ্যবশত বৃদ্ধ গৰাকী ট্ৰেনখনৰ দবাৰ গেটৰ হেণ্ডেলত ধৰাৰ পাছতে পৰি যায় আৰু ৰে’লখনে লােকজনক টানি নিয়ে।

এ বি ছিকদাৰ নামৰ আৰ পি এফৰ হেড কনিষ্টবলজনে এই দৃশ্য প্ৰত্যক্ষ কৰে। প্লেটফৰ্মত কৰ্তব্যৰত এ বি ছিকদাৰ নামৰ আৰ পি এফৰ হেড কনিষ্টবলজনে সাহস আৰু সতৰ্কতাৰে লােকজনক ধৰি নিৰাপদে ৰক্ষা কৰে।