নিউজ ডেস্কঃ উত্তৰ-পূব ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে এসপ্তাহৰ ভিতৰত জব্দ কৰিবলৈ সক্ষম হৈছে ২৬.৫২ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী। ৰে’ল সুৰক্ষা বাহিনীয়ে ১২ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিলৰ ভিতৰত প্ৰায় ১৪.৯৬ লাখ টকাৰ হেৰোইন আৰু ব্ৰাউন চুগাৰ আৰু প্ৰায় ১১.৫৬ লাখ টকা মূল্যৰ গাঞ্জা উদ্ধাৰ কৰিছে। ৰে’ল সুৰক্ষা বাহিনীয়ে নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত এজন লোককো আটক কৰিছে।
লগতে পঢ়কঃনলবাৰীত পিতৃক হত্যা কৰি পুত্ৰৰ আত্মহত্যাৰ অপচেষ্টা
ৰেল আৰু ৰেল ষ্টেচনত নিয়মীয়া পৰীক্ষাৰ সময়ত ৰে’ল সুৰক্ষা বাহিনীয়ে নিষিদ্ধ সামগ্ৰীবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
১৩ এপ্ৰিলত ডিব্ৰুগড়ৰ আৰপিএফ আৰু জি আৰ পি দলে ডিব্ৰুগড় ৰেল ষ্টেচনত নাগালেণ্ড ইণ্টাৰচিটি-এক্সপ্ৰেছত অভিযান চলাই এজন নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ লগত জড়িত এজন ব্যক্তিক আটক কৰিছে।