শুকুৰবাৰে নিশা প্ৰায় ০৮.৪৫ বজাত ডিব্ৰুগড়ত এক শোকাৱহ ঘটনা সংঘটিত হয়। ডিব্ৰুগড় টাউন ৰে’ল ষ্টেচনত চলন্ত ৰে’লে খুন্দা মৰাৰ ফলত ৰে’ল সুৰক্ষা বাহিনী( আৰ পি এফ) ৰ এজন জোৱানৰ মৃত্যু হয়।
মৃত আৰ পি এফ জোৱানজনৰ নাম হাবিলদাৰ ধনকুমাৰ হাজং।
তথ্য মতে, ভুক্তভোগীজন ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হোৱা বুলি সন্দেহ কৰা হৈছে কিয়নো এইখন ডিব্ৰুগড়ৰ পুৰণি ৰেল ষ্টেচনৰ পৰা ওলাই যোৱা একমাত্ৰ ৰেল ।
মানুহে নশ্বৰ দেহ লক্ষ্য কৰাৰ পিছতে ৰে’ল বিভাগৰ লগতে আৰক্ষী বিভাগৰ বিষয়াসকল খবৰ দিয়ে তাৰ পাছতে বিষয়াসকল আহি ঘটনাস্থলিত উপস্থিত হয়।
কৰ্তৃপক্ষই উল্লেখ কৰিছে যে ডিব্ৰুগড়ৰ পুৰণি ৰেল ষ্টেচনত সংঘটিত হোৱা এই ঘটনাটো এটা দুৰ্ঘটনা বুলি জানিবলৈ দিয়ে, কিন্তু ঘটনাৰ সবিশেষ তদন্ত সম্পূৰ্ণ হলেহে প্ৰকাশ পাব বুলি ‘এ এন আইক’ জি আৰ পিৰ উপ-পৰিদৰ্শক মৃণাল ডেকাই জানিবলৈ দিয়ে।
মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।