গুৱাহাটীঃ অসম মীন উন্নয়ন নিগমত ভয়ংকৰ বিত্তীয় কেলেংকাৰী। বিভাগটোত কোটি কোটি টকা হৰলুকী হোৱাৰ অভিযোগ উত্থাপন হৈছে। ২০১৭ চনৰ পৰা ২০২১চনলৈ নিগমৰ কৰ্মচাৰী, ঠিকাদাৰৰ বেংক একাউন্টলৈ অবৈধভাৱে ধন হস্তান্তৰ কৰা হৈছিল মুঠ ৭.১৪ কোটি টকা। ইয়াৰ লগে লগে নিগমৰ পৰিচালন সঞ্চালকে চলি থকা এই অনিয়মক লৈ দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে।

মীন নিগমৰ ৭.১৪ কোটি টকা বিভাগটোৰ কৰ্মচাৰী-ঠিকাদাৰৰ ব্যক্তিগত একাউন্টলৈ হস্তান্তৰ হোৱাৰ চাঞ্চল্যকৰ ঘটনাক লৈ ইডিৰ এটা দলে বিভাগটোত অভিযান চলাই নথি-পত্ৰয়ো পৰীক্ষা কৰে। ইডিয়ে এই দুৰ্নীতিৰ সন্দৰ্ভত নিজাকৈ এটা গোচৰো ৰুজু কৰে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ধন আত্মসাতৰ সন্দৰ্ভত অসম মীন উন্নয়ন নিগমৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদে।

উল্লেখ্য যে, মীন নিগমত অবৈধভাৱে চাকৰি লোৱাৰ অভিযোগত নিগমৰ ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছিল। ইডিৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে বক্ৰপথেৰে ধন ঘটা বহু বিষয়া-কৰ্মচাৰী জালত যে পৰিব সেইয়া স্পষ্ট হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply