নিউজ ডেস্কঃ নলবাৰীত অসমৰ সৰ্ব্বোচ্চ শিৱ মূৰ্তিৰ উন্মোচন সভাত অসম চৰকাৰৰ তিনিমন্ত্ৰীৰ সন্মুখতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শীর্ষ নেতা বশিষ্ঠ বুজৰবৰুৱাই চৰকাৰক সমালোচনা কৰে। সভাত উপস্থিত থকা মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস আৰু জয়ন্তমল্ল বৰুৱাৰ লগতে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ সন্মুখত স্বয়ংসেৱক সংঘৰ শীর্ষ নেতা গৰাকীয়ে চৰকাৰে মদৰ লাইচেন্স দিয়া বন্ধ কৰিব লাগে বুলি কয়।
নেতা গৰাকীয়ে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি কয় যে, আমি চৰকাৰক বাধ্য কৰাব লাগিব। ব্যাপক গণ জাগৰণৰ জৰিয়তে তথা কোটি কোটি স্বাক্ষৰ সংগ্ৰহ কৰি চৰকাৰক মদৰ লাইচেন্স দিয়াটো বন্ধ কৰাব লাগিব।
মদৰ টকাৰে চৰকাৰ চলোৱাটো বন্ধ কৰাৰ কথাও নেতাজনে কয়। চৰকাৰক গাখীৰৰ দোকানৰ লাইচেন্স নাইবা আন দোকানৰ লাইচেন্স দিবলৈ আহ্বান কৰে।
লগতে নেতা গৰাকীয়ে কয়, “যিসকলে মদৰ দোকান খুলি বেপাৰ কৰিম বুলি ভাবিছে, আজিৰ সভাৰ পৰাই আহ্বান জনাইছো— আপোনালোকে মদৰ দোকান বন্ধ কৰক। নৱপ্ৰজন্মক বেয়াৰ ফালে ঢাল নুখুৱাব। গাখীৰৰ দোকান দিয়ক, গো-পালন কৰক। ব্যাপক গণ জাগৰণৰ জৰিয়তে আমি চৰকাৰক বাধ্য কৰাবই লাগিব। গণ জাগৰণ নহ’লে চৰকাৰ বাধ্য নহয়”।
উল্লেখযোগ্য যে, গোটেই বিশ্ববাসী বৰ্তমান জ্ঞাত যে আৰ এছ এছৰ বিচাৰধাৰা মতে বিজেপিয়ে চৰকাৰ পৰিচালনা কৰে। এনে ক্ষেত্ৰত বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰে কেনেদৰে বিবেচনা কৰে সেয়া আগন্তুক দিনত লক্ষণীয় হ’ব।