সোণাৰি, ৯ জানুৱাৰী : সোণাৰিত আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পথ সঞ্চলন কাৰ্যক্ৰম অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী।

সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই কাৰ্যসূচী। উত্তৰ অসম প্ৰান্তৰ অন্যান্য ঠাইৰ লগতে সোণাৰিতো আজি অনুষ্ঠিত হোৱা পথ সঞ্চলন কাৰ্যক্ৰমত মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও অংশগ্ৰহণ কৰে।

সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা সোণাৰি নগৰৰ মাজেৰে প্ৰায় চাৰি কিলোমিটাৰ পথ পদযাত্ৰা কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দুই শতাধিক কৰ্মীয়ে।

লগতে পঢ়ক- খেৰৰ টঙী ঘৰেই হ’ল কাল ,ভাঙি পেলোৱাৰ সিদ্ধান্ত গাওবাসীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply