তেজপুৰঃ দুৰ্নীতিৰ বিৰূদ্ধে শূণ্য সহনশীলতাৰ শ্লোগান আওৰাই অহা বিজেপি চৰকাৰৰ আমোলত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷ খেতি পথাৰত পানী যোগানৰ নামত সংঘটিত হৈছে ৰাজ্যত পাঁচশ কোটি টকীয়া বৃহৎ কেলেংকাৰী ৷
বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা প্ৰাক্তন জনসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ কাৰ্যকালত সংঘটিত হৈছে এই বিয়াগোম কেলেংকাৰী বিভাগটোত ৷ ৰাজ্যৰ কৃষক সকলৰ বাবে খেতি পথাৰত পানী যোগান ধৰাৰ এক আচনি লৈ মন্ত্ৰী ভৱেশ কলিতাৰ কাৰ্যকালত প্ৰথম পৰ্যায়ত ২০৯ কোটি ৪৮ লাখ ১৩ হেজাৰ ৫৭৮ টকা আৰু দ্বিতীয় পৰ্যায়ত ২৪০ কোটি ৪৮ লাখ ৩১ হেজাৰ ৯২০ টকা লাভ কৰিছিল আৰু এই সামগ্ৰী যোগানৰ ঠিকা লাভ কৰিছিল গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ উদ্যোগ প্ৰাঃ লিঃ নামৰ প্ৰতিষ্ঠানটোৱে ৷ কিন্তু যি সমূহ সামগ্ৰী প্ৰতিস্থানটোৱে যোগান ধৰিলে তাৰ দাম দেখিলে চকু কপালত উঠিব। যি PVC sovent cement ৰ বজাৰ মূল্য ৩৫০ টকা সেই সামগ্ৰী ঠিকাদাৰে ক্ৰয় কৰা দেখুৱাইছে ৬২৫ টকা৷ একেদৰে পাইপ সমূহৰ বজাৰ মূল্য ৩৫০ টকা ঠিকাদাৰক দিছে ৯৪৩ টকা৷ পাইপৰ কেপৰ মূল্য ২৯০ টকা কিন্তু ঠিকাদাৰক দিছে ৬১৯ টকা ৷
solar আচনিখনত ইটা, ৰদ, দৰ্জা, খিৰিকি দি পাম্প হাউচ বনাব লাগিছিল কিন্তু কাগজে পত্ৰই সকলো হ’ল যদিও কাৰ্যক্ষেত্ৰত সেয়া নহল৷ আনহাতে আচনিৰ বৰিং ত পাইপ হ’ব লাগে ৬ ইঞ্চি কিন্তু প্ৰাককলন বাদ দি ঠিকাদাৰে তলভাগত ৪ ইঞ্চি আৰু ওপৰ ফালে ২ ইঞ্চি পাইপ ব্যৱহাৰ কৰাত বহু আচনি এতিয়া বিকল৷
লগতে পঢ়কঃকামপুৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ প্ৰতিকৃতি দাহ
এবিঘা মাটিত পানী যোগান ধৰিবলৈ প্ৰয়োজন এটা সপ্তাহৰ ৷ ৪২ টা সামগ্ৰী ব্যৱহাৰ কৰিব লাগে প্ৰতিখন আচনিত কিন্তু মাত্ৰ ৮/১০ বিধ সামগ্ৰী ব্যৱহাৰ কৰি বৃহৎ পৰিমাণৰ ধন আত্মসাত মুখ্য অভিযন্তাৰ পৰা ঠিকাদাৰলৈকে ৷ কামৰ সম্পূৰ্ণ ধন ঠিকাদাৰে কেনেকৈ লাভ কৰিলে তাৰ এক তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে আৰ টি আই কৰ্মী দিলীপ নাথে । আজি এক সংবাদ মেলযোগে দিলীপ নাথে জলসিঞ্চনৰ এই বৃহৎ কেলেংকাৰী ফাদিল কৰিছে ৷