ৰূপহীহাটঃ ৰূপহীহাট আৰক্ষীৰ সফল অভিযান। বহিঃৰাজ্যৰ মহিলাসহ তিনিগৰাকীকৈ জাল নোট চক্ৰৰ লগত জড়িত লোকক আটক কৰে আৰক্ষীয়ে।
এক গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে ৰূপহীহাটৰ বৰঘাটত অভিযান চলাই জাল নোট চক্ৰক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জাল নোট বনোৱা মেচিনসহ অৰুণাচলৰ স্বপনা ছাংফা, উদয় শংকৰ স্বাকমা আৰু ত্ৰিপুৰাৰ ত্ৰিশ্বংকাৰ স্বকমা নামৰ তিনিজনক আটক কৰে।
লগতে পঢ়কঃজনজাতিকৰণ নহ’লে অসম ৰক্তাক্ত কৰাৰ হুংকাৰ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ
ইতিমধ্যে ৰূপহীহাট আৰক্ষীয়ে তিনিওজনকে সোধা-পোচ কৰি জেলহাজতলৈ প্ৰেৰণ কৰাৰ লগতে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
দীৰ্ঘদিন ধৰি এই চক্ৰটোৱে ভিতৰুৱা গাঁও অঞ্চলত এক সন্ত্ৰাসৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ লোকে।