ৰূপহীহাটঃ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত ৰূপহীহাটৰ তামোল ফেক্টৰীত আৰক্ষীৰ অভিযান। বাৰ্মিজ চুপাৰি থকাৰ সন্দেহত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান।
অঞ্চলটোৰ কেইবাটাও ফেক্টৰীত অভিযান চলাই আৰক্ষীয়ে। দীৰ্ঘদিনধৰি অঞ্চলটোৰ বহু তামোল ফেক্টৰীৰ মালিকে অবৈধ ভাৱে বাৰ্মিজ চুপাৰীৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি অবৈধ ভাৱে গন্ধক গেছ ব্যৱহাৰ কৰি অহাৰো আছে অভিযোগ উঠিছে। গন্ধক ব্যৱহাৰ কৰাৰ বাবেই অঞ্চলটোত বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পাইছে।
আৰক্ষীয়ে সোধপোছৰ বাবে দুজন তামোল ফেক্টৰীৰ মালিকক আটক কৰিছে। আটক কৰা লোক দুজন আব্দুল হাছিম আৰু আব্দুল কাদিৰ। বৰ্তমান বহুকেইটা তামোল ফেক্টৰীত আৰক্ষী মোতায়ন কৰা হৈছে।
আৰু পঢ়কঃমানকাচৰৰ ঝাউডাঙ্গাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিলে আৰক্ষীয়ে