ৰূপহীহাটঃ লাওখোৱা অভয়াৰণ্যৰ বনকৰ্মীক পুনৰ দুৰ্বৃত্তৰ আক্ৰমণ।

সুঁতিৰপাৰ বজাৰৰ বন্যপ্ৰাণী বিভাগৰ বীট অফিচৰ পৰা কৰ্মস্থলীলৈ যাওতে আধাবাটতে পথ আগুচি ধৰি অচিনাকী দূৰ্বৃত্তই আক্ৰমণ কৰে বনকৰ্মীজনক।

চোৰাঙকৈ মাছ মৰা পাঁচজনীয়া এটা মাছমৰীয়া দলে দলবদ্ধভাৱে আক্ৰমণ কৰে বনকৰ্মীজনক।

এই ঘটনাত গুৰুতৰভাৱে আহত হয় বনকৰ্মী মহম্মদ ইছলাম আলী। তেওঁ বৰ্তমান দগাঁও ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসাধীন হৈ আছে।

লগতে পঢ়কঃআধুনিক বিজ্ঞান সন্মত পদ্ধতিৰে খেতি কৰি জুৰীয়াৰ যুৱ কৃষক সকলে সৃষ্টি কৰিছে সেউজ বিপ্লৱৰ

মহম্মদ ইছলাম আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। লাওখোৱা অভয়াৰণ্যত চোৰাঙকৈ মাছধৰা কাৰ্যত বাধা দিয়াৰ বাবে এইদৰে বনকৰ্মীজন আক্ৰমণৰ সন্মুখীন হোৱা বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দূষ্কৃতিকাৰীৰ আক্ৰমণত দুজন বনকৰ্মী গুৰুতৰভাৱে আহত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply