ৰূপহীহাটঃ ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰুৰ বেহা। ৰূপহীহাটৰ কোঁচ গাঁৱৰ পৰা আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে ১৭টাকৈ গৰু।
ট্ৰাকখনৰ নম্বৰ হৈছে এ এছ০২ চি চি ৩২৪২। মেঘালয়লৈ নি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে গৰুকেইটা।
লগতে পঢ়কঃমুকালমুৱাত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ
ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত অভিযান চলিছিল এই অভিযান। আৰক্ষীয়ে এই ব্যৱসায়ৰ লগত জড়িত ৰাব্বুল হুছেইন নামৰ এজন লোককো আটক কৰে।
ইফালে গৰুৰ চোৰাং বেহা আৰু সৰবৰাহৰ সৈতে জড়িত কেইবাজন লোকো পলাই সাৰিবলৈ সক্ষম হয়।বৰ্তমান ৰূপহীহাট আৰক্ষীয়ে ৰাব্বুল হুছেইনক জেৰা অব্যাহত ৰাখিছে।