ৰূপহীহাটঃ ৰূপহীহাটৰ জুৰীয়াত বিশ্ব শান্তিৰ বাবে আয়োজন কৰা ৰাজহুৱা জুমা নামাজত উত্তপ্ত পৰিস্থিতি।
নামাজত অংশ গ্ৰহণ কৰিবলৈ অহা ক্ষোভিত ৰাইজে লণ্ডভণ্ড কৰিলে মণ্ডপ ,পেণ্ডেল, মাইক-ছেট।
জুৰীয়াৰ বগৰীগুৰি হাইমাদ্ৰাছা খেলপথাৰত আয়োজন কৰা হৈছিল এই সমাৰোহৰ।
সমাৰোহৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল মদিনা শ্বৰিফৰ ইমামক ।
লগতে পঢ়কঃবাসগৃহৰ সন্মুখতে দুই ভাতৃক গুলীয়াই হত্যা
বাংলাদেশৰ ঢাকাৰ পৰাও আমন্ত্ৰণ কৰা হৈছিল দুগৰাকী ধৰ্মগুৰুক।
পিছে আমন্ত্ৰিত অতিথি সকল অনুপস্থিত হোৱাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি ।
ঘটনাস্থলীৰ পৰা পলায়ন কৰে উদ্যোক্তা কমিটিয়ে। লগতে পলায়ন কৰিলে বিধায়ক নুৰুল হুদাই।
বৰপেটা, নলবাৰী, মঙলদৈ, গোৱালপাৰা, হোজাইৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ আগমন ঘটিছিল এই সমাৰোহত।
উল্লেখ্য যে, ৫ লক্ষাধিক লোকে মদিনাৰ শ্বৰিফৰ ইমামৰ ইমামৰ পিছত নামাজ পঢ়িবলৈ নিশাই আহিছিল জুৰীয়া খেলপথাৰলৈ।