ৰূপহীহাটঃ ৰূপহীহাটৰ গড়াজান ফুটালজাৰত ভূমিকেন্দ্ৰিক সংঘাত। দুই ফৈদৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটত আহত চাৰি জনকৈ লোক।

আহত কেইজন ক্ৰমে আব্দুল ৰছিদ, আনোৱাৰ হুছেইন ,ফইজুল হক আৰু মাইনুল হক।

আহত সকল বৰ্তমান শিঙিমাৰী খণ্ড প্ৰাথমিক স্বাস্হ্যকেন্দ্ৰত চিকিৎসাধীন হৈ আছে। এডৰা ভূমিক কেন্দ্ৰ কৰি গাওঁ খনৰ আব্দুল ৰছিদৰ সৈতে মাইনুল হকৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছিল বিবাদ।
লগতে পঢ়কঃজুৰীয়াত নাটৰ আখৰাত ব্যস্ত টেট শিক্ষক সকল

বৃহস্পতিবাৰে পুৱা ভূমি দখলক লৈ দুয়ো ফৈদৰ মাজত হোৱা তৰ্কাতৰ্কিয়ে সংঘৰ্ষৰ ৰূপ লয়।দুয়ো পক্ষ‌ই দা- যাঠিৰে চলোৱা আক্ৰমণ- প্ৰত্যাক্ৰমণত দুয়ো পক্ষৰ চাৰিজনকৈ লোক আহত হয়‌।
ঘটনা সংক্ৰান্তত উভয় পক্ষ‌ই পৃথকে পৃথকে গড়াজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply