ৰূপহীহাটঃ জুৰীয়া গৰৈমাৰী পাম গাঁৱত উত্তপ্ত পৰিস্থিতি। চাইবাৰ অপৰাধৰ লগত জড়িত দগাঁও – ধিং গাঁও পঞ্চায়তৰ উপ – সভাপতি মুচকুৰ হুছেইন ।
সহজে ধন ঘটাৰ মাধ্যম হিচাপে পঞ্চায়তৰ জনপ্ৰতিনিধি নামিল এইবাৰ চাইবাৰ ক্ৰাইমত।
দগাঁও- ধিং গাঁও পঞ্চায়তৰ উপ-সভাপতি তথা গৰৈমাৰী পাম গাঁৱৰ মুচকুৰ হুছেইনে তেওঁৰেই আত্মীয় ক্ৰমে মোকাজিল হক আৰু ইক্ৰামুল হুছেইনৰ সহযোগত শ্ৰমিকৰ পৰিচয় পত্ৰ বনাই দিয়াৰ নামত শ শ পুৰুষ- মহিলাৰ পৰা সংগ্ৰহ কৰে পান কাৰ্ড, আধাৰ কাৰ্ডৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ ।
লগতে পঢ়কঃগোলাঘাটত দুটা দিনত দুটাকৈ পিষ্টল উদ্ধাৰ
অপৰাধী চক্ৰটোয়ে অতি কৌশলেৰে সংগৃহীত নথিৰে অনলাইন যোগে ঋণ লৈ লাখ লাখ টকা লুণ্ঠন চলোৱাৰ লগতে গঞা ৰাইজক বিপদে পৰিচালিত কৰি আহিছে।
সেয়ে আজি পুৱাৰ ভাগত শ শ পুৰুষ মহিলাই একত্ৰিত হৈ দগাঁও – ধিং গাঁও পঞ্চায়তৰ উপ সভাপতিৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চাইবাৰ ক্ৰাইমৰ লগত জড়িত অপৰাধী চক্ৰটোৰ বিৰুদ্ধে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।