ৰূপহীহাটঃ নগাওঁ জিলাৰ লাওখোৱা অভয়াৰণ্যত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা।

ৰূপহীহাটৰ গড়াজানৰ পশ্চিম ফুটালজাৰৰ হাজেৰা খাতুন নামৰ এগৰাকী মহিলাই লাওঁখোৱা অভয়াৰণ্যৰ পৰা খৰি বুটলি ঘৰমুৱা হওঁতে বাট আগচি ধৰি আক্ৰমণ কৰে এটা বনৰীয়া হাতীয়ে।

বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হ’ল হাজেৰা খাতুন । গড়াজান আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ অভয়াৰণ্যৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়কঃশিল্পী পেঞ্চনৰ পৰা বঞ্চিত ২০০ৰ অধিক গীতৰ শ্ৰষ্টা, কণ্ঠশিল্পী সুন্দৰ ফুকন
ইফালে লাওখোৱা অভয়াৰণ্যৰ ফুলতলী বন শিবিৰৰ ওচৰত আজি এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হৈছে। ইতিমধ্যে কাজিৰঙাৰ পৰা অহা পশু চিকিৎসকৰ দল এটাই মৃত বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি চলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply