তামুলপুৰ : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰত আয়ােজিত প্রাক্তন এনডিএফবি সদস্যসকললৈ পুনৰ সংস্থাপন পেজে আগবঢ়োৱাৰ বাবে আয়ােজিত এক অনুষ্ঠানত ১১০৫ গৰাকী প্রাক্তন উগ্রপন্থী সদস্যলৈ ৪ লাখ টকাকৈ ম্যাদি জনাৰ প্রমাণপত্র বিতক কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে এক বিস্তৃত পৰিকল্পনা যুগুত কৰি উলিয়াইছে আৰু এই ক্ষেত্ৰত হিংসা ত্যাগ কৰি মূল সুতিলৈ ঘূৰি অহা যুবকযুৱতীসকলৰ সেৱা কামত লগােৱাৰাে পর্যাপ্ত ব্যৱস্থা হাতত লােৱা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত বড়াে শান্তি চুক্তিৰ এক গুৰুত্বপূর্ণ উপাদান হিচাপে যুৱ চামক আর্থিকভাৱে শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে এই পুনৰ সংস্থাপন পেকেজ হাতত লােৱা হৈছে। পুনৰ সংস্থাপন পেকেজৰ অধীনত ম্যাদি জমা হিচাপে লাভ কৰা আর্থিক অনুদানৰ ধনৰাশি উপযুক্ত বাৱহাৰৰ বাবে প্রাক্তন উগ্রপন্থী সদস্যসকললৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ধনৰাশি জীৱিকা সৃষ্টিকাৰী গঠনমূলক কামত ব্যৱহাৰ কৰিলেহে আত্মনিৰ্ভৰ অসমৰ লক্ষ্যত বৰঙনি যােগাৰলৈ তেওঁলােক সমর্থ হ’ব। কাৰ্যসূচীত যিসকল সদস্য বাদ পৰি গৈছে তেওঁলোককো পেকেজন তৃতীয় পর্যায়ত সামৰি লােৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক : উত্তৰ পূবৰ বজাৰ প্ৰসাৰৰ উদ্দেশ্যে Northeast India Overseas Market ৰ বিশেষ উদ্যোগ

ঐতিহাসিক বড়াে শান্তি চুক্তিৰ জৰিয়তে অঞ্চলটোলৈ স্থায়ী শান্তিৰ পথ প্রশস্ত কৰি তােলাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী, গৃহমন্ত্রী অমিত শ্বাহ আৰু বড়ো নেতৃবক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বড়ােফা উপেন্দ্র নাথ ব্রহ্মলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰখন বিটিআৰ অঞ্চলত বসবাস কৰা জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ প্রতি দৃঢ় প্রতিজ্ঞ। তেওঁ লগতে কয় যে বড়াে ভাষা আৰু সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত থকা চৰকাৰৰ দায়বদ্ধতাৰ চিন হিচাপে অসম লােকসেৱা আয়ােগৰ পৰীক্ষাত বড়াে ভাষাত উত্তৰ লিখিবলৈ ইচ্ছা কৰা ছাত্র-ছাত্রীসকলৰ বাবে চৰকাৰে প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,753 other subscribers

Leave a comment

Leave a Reply