ধেমাজি : কংগ্ৰেছ দল-বিধায়ক পদ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিলে ৰূপজ্যোতি কুৰ্মীয়ে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুকামুখত বিজেপিত যোগদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নীৰ পৰা চাৰিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ৰূপজ্যোতি কুৰ্মী।
অৱশেষত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাই বিজেপি দলত যোগদান কৰিলে কংগ্ৰেছ নেতা তথা মৰিয়নী সমষ্টিত বিধায়ক ৰুপজ্যোতি কুর্মীয়ে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ধেমাজি জিলাৰ গেৰুকামুখস্থিত নামনি সোৱণশিৰী জল বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগ শিবিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰূপজ্যোতি কুর্মীয়ে অংশগ্ৰহণ কৰি বিজেপিত যোগদনা কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুর্মীক বিজেপি দললৈ আদৰি আনে। বিজেপিত যোগদান কৰিয়ে কংগ্ৰেছ দলক তীব্ৰ আক্ৰমণ কৰি ৰূপজ্যোতি কুর্মীয়ে কয় যে কংগ্ৰেছ দল এটা লক্ষ্যহীন দল। কংগ্ৰেছ দলে দলটোৰ কর্মী সকলক গুৰুত্ব প্ৰদান নকৰে। কংগ্ৰেছ দলে যুৱ নেতা সকলক আগুৱাই যাবলৈ সুবিধা প্ৰদান নকৰে বুলিও কয় ৰূপজ্যোতি কুর্মীয়ে।
লগতে পঢ়ক : ডিগবৈত এজন আলফাৰ লিংকমেন আটক
উল্লেখ্য যে কংগ্ৰেছ দলৰ টিকটত যোৰহাট জিলাৰ মৰিয়নী বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ৰূপজ্যোতি কুৰ্মী। কংগ্ৰেছ দলৰ শীৰ্ষ নেতাৰ ওপৰত খৰ্গহস্ত হৈ কিছুদিন পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰিছিল ৰূপজ্যোতি কুর্মীয়ে।