ৰূপজ্যোতি কুৰ্মী

মৰিয়নী বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক তথা চাহ জনগোষ্ঠীৰ পৰা কংগ্ৰেছ দলৰ একমাত্ৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰি অনুষ্ঠানিকভাৱে বিধায়ক পদৰ পৰা পদত্যাগ কৰে। ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগ কংগ্ৰেছ দলৰ বাবে মোক্ষম আঘাত। কুৰ্মীৰ পদত্যাগৰ ফলত কংগ্ৰেছ দল চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিধায়ক হীন হল।

বিধায়ক পদ ত্যাগ কৰি ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া – ”কংগ্ৰেছে দলপতি বিচাৰিলেও নিদিয়ে, সভাপতি বিচাৰিলেও নিদিয়ে, এটা বিশেষ সম্প্ৰদায়ক সকলো দিব বিচাৰে কংগ্ৰেছে”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাগছ বিৰোধী অভিযান আৰু উচ্ছেদ অভিযানক প্ৰসংখ্যা ৰূপজ্যোতি কুৰ্মীৰ

ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে ৰূপজ্যোতি কুৰ্মীক দলৰ পৰা বহিষ্কাৰ কৰিছে।

মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই বহিস্কাৰ কৰিছে বিধায়কগৰাকীক।

শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বিধায়ক কুৰ্মীক বহিস্কাৰ কৰিবলৈ সভাপতি ৰিপুন কবৰাই নিৰ্দেশ প্ৰদান কৰিছে।

বিধায়ক কুৰ্মীক বহিস্কাৰ কৰাৰ এই নিৰ্দেশত সন্মতি প্ৰদান কৰিছে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে।

লগতে পঢ়ক প্ৰতিৰক্ষা মন্ত্ৰীয়ে উদ্ধোধন কৰিলে দেশৰ সীমান্তৰ ১২টা পথ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply