ৰূপহীহাট : ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰূপহী কলেজ ৰোডত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুটি আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত এগৰাকী ছত্ৰীসহ দুজন আহত হয়।
ৰূপহী কলেজৰ এগৰাকী ছাত্ৰী ঘৰৰ পৰা কলেজলৈ গৈ থকা সময়ত সংঘটিত হয় এই পথ দুৰ্ঘটনা স্কুটি আৰু বাইকৰ মুখামুখি সংঘর্ষত গুৰুত্বৰভাৱে আহত হয় ৰূপহী মহাবিদ্যালয় ছাত্ৰী মাচুদা বেগমৰ লগতে বাইক চালকজন।
লগতে পঢ়ক : গুজৰাটৰ পৰা অসম আহি পালে ১০৮ গৰাকী গীৰ গাই
দুর্ঘটনাত পতিত হোৱা স্কুটিখন নম্বৰ হ’ল এএছ-০২-এএফ-৪৬৭৩। আনহাতে বাইকখন নম্বৰ বিহীন। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ আহত কেইজনক চিকিৎসালৈ প্ৰৰণ কৰে।