ৰূপহীহাট – ৰূপহীহাটত অব্যাহত আছে টিকট কেন্দ্ৰিক সংঘাত। বিজেপি আৰু অগপৰ মাজত হোৱা বুজাবুজিৰ ফলত ৰূপহীহাট সমষ্টি বিজেপিক এৰি দিয়াত অগপ কৰ্মীৰ মাজত ক্ষোভ। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে অগপ কৰ্মীয়ে।

ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে ৰাজনৈতিক দল সমূহৰ মাজত হোৱা বুজাবুজিয়ে অধিক উত্তপ্ত কৰি তুলিছে ৰাজনৈতিক পৰিৱেশ। এফালে যদি বিজেপি মিত্ৰজোঁটকলৈ বিজেপি, অগপ আৰু ইউ পি পি এলৰ কৰ্মীৰ মাজত ক্ষোভ আনফালে আকৌ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধনৰ দল সমূহৰ কর্মী সকলেও আসন বুজাবুজিক লৈ সন্তুষ্ট নহয়।

ৰাজনৈতিক দল সমূহে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছৰে পৰা দল সমূহৰ কর্মী সকলৰ মাজত জ্বলিছে বিক্ষোভৰ জুই। সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীকলৈ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজনৈতিক দল সমূহৰ নেতা-কৰ্মীয়ে। আনকি ক্ষোভত দল ত্যাগ কৰিছে বহু নেতা-কৰ্মীয়ে। এইবাৰ নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত অগপ কৰ্মীৰ মাজত জ্বলিছে বিক্ষোভৰ জুই।

জুৰীয়াত অগপৰ নেতা-কৰ্মীয়ে ৰূপহীহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নাজিৰ হুছেইনৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। কেইবা শতাধিক অগপ কৰ্মীয়ে অংশ গ্ৰহণ কৰে এই প্ৰতিবাদত। ২০০৬ চনত সমষ্টিটোত অগপৰ প্ৰাৰ্থীয়ে জয়লাভ কৰা সূত্ৰে অগপই দাবী কৰিছিল ৰূপহীহাট সমষ্টি। সমষ্টিটো বিজেপিক এৰি দিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অগপৰ কৰ্মী আৰু সমৰ্থক সকল।

জুৰীয়াত টায়াৰ জ্বলাই অগপ কৰ্মী আৰু সমৰ্থক সকলে বিজেপিৰ প্ৰাৰ্থী নাজিৰ হুছেইন মূৰ্দাবাদ, নাজিৰ হোছেইন গ’ বেক শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কোনো পৰিস্থিতিত ৰূপহীহাটত নাজিৰ হুছেইনৰ প্ৰাৰ্থীত্ব মানি নোলোৱাৰ হুংকাৰ অগপৰ কৰ্মী আৰু সমৰ্থক সকলৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply