ৰূপহীহাট – ৰূপহীহাটৰ প্ৰান্তে প্রান্তে টায়াৰ জ্বলাই প্ৰতিবাদ। প্ৰাৰ্থী কেন্দ্ৰিক সংঘাতৰ ফলত টায়াৰ জ্বলাই প্ৰতিবাদ। ৰূপহীহাটত অগপৰ প্ৰাৰ্থীত্বৰ তীব্ৰ বিৰোধীতা। বিজেপি কৰ্মীক লাগে ৰূপহীহাটত বিজেপিৰ প্ৰাৰ্থী। ৰূপহীহাটত বিজেপিৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব নাপালে ভোট বৰ্জন কৰাৰ হুংকাৰ।
নিৰ্বাচনী গৰম বতাহৰ মাজতে প্ৰাৰ্থী কেন্দ্ৰিক সংঘাতৰ ফলত অধিক উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতি মহল। নিজ দলৰ প্ৰাৰ্থীৰ দাবীত বিজেপি, কংগ্ৰেছকে ধৰি প্ৰতিটো ৰাজনৈতিক দলৰ কৰ্মীয়ে উত্তাল কৰি ৰাখিছে পৰিৱেশ। বৃহস্পতিবাৰে নিশা বিহালীত কংগ্ৰেছ কৰ্মীয়ে বিহালী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এইবাৰ বিজেপি কৰ্মীয়ে নিজ দলৰ প্ৰাৰ্থীৰ দাবীত উত্তাল কৰিলে ৰূপহীহাট।
শাসকীয় দল বিজেপি আৰু অগপৰ মাজত আসন বুজাবুজি অব্যাহত থকাৰ মাজতে ৰূপহীহাট সমষ্টিটো আঞ্চলিক ৰাজনৈতিক দল অগপৰ ভাগত পৰা বুলি চৰ্চা চলিছে। ৰূপহীহাট অগপৰ ভাগত পৰাৰ খবৰত জাঙুৰ খাই উঠিছে সমষ্টিটোৰ বিজেপিৰ নেতা-কৰ্মী সকল। সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে বিজেপি কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰূপহীহাটত বিজেপিৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব নাপালে ভোট বৰ্জন কৰাৰ হুংকাৰ হুংকাৰ দিয়ে বিজেপি কর্মী সকলে।
কোনো পৰিস্থিতিত অগপৰ প্ৰাৰ্থীত্ব মানি নলয় ৰূপহীহাট সমষ্টিৰ বিজেপিৰ কৰ্মী সকলে। অগপৰ ৰূপহীহাটত কোনো ধৰণৰ সাংগঠনিক ভেটি নাই বুলি দাবী কৰিছে ৰূপহীহাট বিজেপিৰ নেতা-কৰ্মী সকলে। অগপক ৰূপহীহাট এৰি দিলে জয়লাভ কৰিব নোৱাৰে বুলি দাবী কৰিছে গেৰুৱা দলটোৰ নেতা-কৰ্মী সকলে।