ৰূপহীহাট : ৰূপহীহাটৰ চাইদৰীয়াত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত পাঁচটাকৈ বাসগৃহ জাহ যোৱাৰ লগতে প্ৰায় দহ লক্ষাধিক টকা মূল্যৰ সম্পত্তি ভস্মীভূত হয়।
নগাঁও জিলাৰ ৰূপহীহাটৰ অন্তৰ্গত চাইদৰীয়াত শুকুৰবাৰে নিশাৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত পাঁচটাকৈ বাসগৃহৰ লগতে প্ৰায় দহ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়।
আৰু পঢ়কঃমহাৰাষ্ট্ৰৰ নাগপুৰৰ এখন কভিড হস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড
ৰূপহীহাটৰ চাইদৰীয়াৰ আজগৰ আলী নামৰ এজন লোকৰ ঘৰত নিশাৰ ভাগত অগ্নিকাণ্ড সংঘটিত হয়। আজগৰ আলীৰ ঘৰৰ পৰা নিমিষতে জুইৰ লেলিহান শিখা আবৰি ধৰে সমীপৰ আব্দুল গফুৰ নামৰ অন্য এজন লোকৰ ঘৰত।
আজগৰ আলীৰ বাসগৃহত থকা দুটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ ফলত অগ্নিকাণ্ড অধিক ভয়াবহ হৈ পৰে আৰু অগ্নিকাণ্ডত এখন বাইককে ধৰি প্ৰায় দহ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। বৈদ্যুতিক চৰ্ট শ্বাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে জানিবলৈ দিয়ে।