ৰূপহীহাট – বিশাল বাইক ৰেলী উলিয়াই বিধায়ক নুৰুল হুদাক আদৰি আনিলে কংগ্ৰেছী কৰ্মী-সমৰ্থকে।ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বিজেপিৰ বি টীম বুলি মন্তব্য কৰি বিধায়ক নুৰুল হুদাই তীব্ৰ আক্ৰমণ চলালে আঞ্চলিক দল দুটাক।

টিকট নিশ্চত হোৱাৰ পিছতে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাক সমষ্টিলৈ আদৰি আনিলে কংগ্ৰেছ কৰ্মীয়ে। বিশাল বাইক ৰেলী উলিয়াই বিধায়ক নুৰুল হুদাক সমষ্টিলৈ আদৰি আনিলে কংগ্ৰেছী কৰ্মী সমৰ্থক সকলে। সমষ্টিত উপস্থিত হৈয়ে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দকল তীব্ৰ আক্ৰমণ চলালে বিধায়ক গৰাকীয়ে।

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দকল বিজেপিৰ বি টীম বুলি আক্ৰমণ চলাই নুৰুল হুদাই কয় যে মই অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিম। কংগ্ৰেছৰ টিকট লাভ কৰিয়েই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বিৰুদ্ধে সৰৱ হৈ নুৰুল হুদাই লগতে কয় যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ ভোট বিভাজন ঘটাই বিজেপিক সহায় কৰাৰ কৌশল ৰচনা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply