ৰূপহীহাট : লাওঁখোৱা ৰাজ্যিক ঘাইপথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দুজন ব্যৱসায়ীৰ পৰা ডকাইতৰ দলে লুটি নিলে তিনি লাখ টকা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত লওঁখোৱা কালিস্থানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। পাঁচ জনীয়া এটা দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আঘাত কৰি দুজন ব্যৱসায়ীৰ পৰা লুটি নিয়ে নগদ তিনি লাখ টকা। শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ পৰা নগাঁৱলৈ এখন ব’লেৰ গাড়ীৰে আহি থকা অৱস্থাত ব্যৱসায়ী দুজনক ডকাইতৰ দলে আগভেটি লুটি নিয়ে নগদ ধন।

ডকাইতৰ দলে ধন লুটি নিয়া ব্যৱসায়ী দুজন জাকিৰ হুছেইন আৰু আবু হানিফ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে লওঁখোৱাৰ কালিস্থানত বিগত সময়ছোৱাত কেইবাটাও পথ ডকাইতিৰ ঘটনা সংঘটিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply