ৰূপহীহাট : আৰক্ষীৰ খেদাত পলায়ন কৰা এজন যুৱকৰ মৃতদেহ ৰূপহী বিলৰ পৰা উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি নগাঁও জিলাৰ ৰূপহীহাটত বুধবাৰে সন্ধিয়া এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। জানিব পৰা মতে বিয়লি ৰূপহীহাটৰ গড়েমাটিখোৱাত ৰূপহী বিলত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰ হোৱা যুৱক জনৰ নাম ছোহাইব আখতাৰ। যুৱকজনৰ ঘৰ নগাঁও শলমাৰীত। যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই ইয়াক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে।

উত্তেজিত ৰাইজে মৃতদেহ লৈ ৰূপহীহাট আৰক্ষী থানা ঘেৰাও কৰে। আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠা উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী চালনা কৰিবলৈ বাধ্য হয়। তথাপিও পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হয় আৰক্ষী। স্থানীয় ৰাইজে অভিযোগ কৰামতে মৃত ছোহাইব আখতাৰে আৰক্ষীৰ খেদাত ৰূপহী বিলত জপিয়াই দিছিল।

জানিব পৰা মতে ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে গড়েমাটিখোৱাত ক্ৰিকেট খেলি থকা অৱস্থাত এদল যুৱকক আৰক্ষীয়ে খেদিছিল। ইয়াৰে একাংশ যুৱকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে। আৰক্ষীৰ লাঠীৰ কোব খাই যেনিয়ে তেনিয়ে দৌৰিছিল যুৱকৰ দলটোৱে। ইয়াৰে কেইবাজনো যুৱকে ৰূপহীবিলত জাপ দিছিল।

আৰু পঢ়কঃ মন্দিয়াৰ পৰা ২১ মেট্ৰিক টন ৰঙালাউ ৰপ্তানি কৰা হ’ল কলকাতালৈ

এনেদৰে বিলত জাপ দিয়া যুৱক সকলৰ ভিতৰত এজন ছোহাইব আখতাৰো আছিল। পিছত ছোহাইব আখতাৰৰ মৃতদেহ বিলৰ পৰা উদ্ধাৰ হয়। ইয়াৰ পিছতে মৃতদেহ লৈ আৰক্ষী থানাৰ সন্মূখত পাঁচ শতাধিক লোকে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে অভিযোগ কৰা মতে যুৱকজনৰ মৃতদেহত আঘাতৰ চিন আছে। ৰাইজে দোষী আৰক্ষীক গ্ৰেপ্তাৰৰ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply