নিউজ ডেস্কঃ সুদীৰ্ঘ ৩৮ বছৰৰ অন্তত শনিবাৰৰ পৰা মুকলি হ’ল ৰূপসী বিমানবন্দৰ ।
পুৱা ৮ বাজি ৩৫মিনিটত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰপৰা ২৪ গৰাকী যাত্ৰী কঢ়িয়াই ৰূপসী বিমান বন্দৰত অৱতৰণ কৰে ”ফ্লাইবিগ এছ ৯ ২১১” য়ে ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰীত ধুবুৰীত ৰূপসী বিমান বন্দৰৰ পুনৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল।
আৰু পঢ়কঃ পুনৰ ৰূপসী বিমানবন্দৰৰ পৰা চলাচল কৰিব যাত্ৰীবাহী বিমান
ব্ৰিটিছ শাসন কালত দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে স্থাপন হোৱা ৰূপসী বিমান বন্দৰটো ১৯৮৪ চনৰ পৰা বন্ধ হৈ আছিল।
ৰূপসী বিমান বন্দৰ ভাৰতৰ ভিতৰত ১৫ তম আৰু অসমৰ ৭ম বিমানবন্দৰ । নতুনকৈ মুকলি কৰা ঘৰুৱা বিমান সংস্থা ফ্লাইবিগে ৫ মে’ত ৰূপচি বিমানবন্দৰত ইয়াৰ সফল পৰীক্ষণ চলাইছিল।
ৰূপসী বিমানবন্দৰটো কোকৰাঝাৰ জিলাত ধুবুৰীৰ সমীপৱৰ্তীত অৱস্থিত।