যুদ্ধ বিধস্ত ইউক্ৰেইনত আবদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থীসকলক তাৰ পৰা ঘুৰাই অনা ব্যবস্থা কৰিছে। চাৰিজনকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে ভাৰতীয় সকলক উদ্ধাৰৰ বাবে বাহৰ পাতিছে যুদ্ধ বিধস্ত দেশ ইউক্ৰেইনৰ সমীপৰ দেশসমূহত।
বিদেশ মন্ত্ৰালয়ৰ পৰা যথাসম্ভৱ সকলো ব্যৱস্থা কৰি থকা হৈছে৷ ইউক্ৰেইনৰ উত্তৰ পশ্চিম এলেকাৰ যুদ্ধ বিধস্ত এলেকাত ৪০০০ হাজাৰ ভাৰতীয় লোক আবদ্ধ হৈ আছে ইয়াৰে অধিকাংশ মেডিকেলৰ ছাত্ৰ।

উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত হিণ্ডন বিমানবন্দৰত ইউক্ৰেইনৰ পৰা অহা ১০ গৰাকী শিক্ষাৰ্থী আজি অবতৰণ কৰিছে। তেওলোক হ’ল ৰিয়া শৰ্মা ঠাকুৰ(ডিব্ৰুগড়), মহম্মদ নিছাৰ আলম(গুৱাহাটী), অমিতেশ নাথ(গুৱাহাটী), মুকুল দোশী,ৱাকিব আমিন মজুমদাৰ,অংশুল ভাৰাতীয়া, জিণ্টু ফুকন, নিশিকেশ কৌশিক, মহম্মদ পাকিজ আহমেদ(মঙলদৈ), হিমজ্যোতি তালুকদাৰ আৰু শুৱালকুছিৰ হিমজ্যোতি তালুকদাৰ। তেওঁলোকক সম্প্ৰতি নতুন দিল্লীৰ অসম ভৱনত ৰখা হৈছে আৰু লগতে অসমলৈ ঘূৰি অহাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা অসম চৰকাৰৰ ফালৰ পৰা কৰিব৷