ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ আজি সপ্তমটো দিন। আজিৰ দিনটোত দিল্লী বিমানবন্দৰত ইউক্ৰেইনৰ পৰা অহা আন চাৰিজন অসমৰ শিক্ষাৰ্থী উপস্থিত হৈছে। শিলচৰৰ গুৰপ্ৰীত কৌৰ, কোকৰাঝাৰৰ ধৃতিমান ভূঞা, গুৱাহাটীৰ পৰা পঞ্চী মোহন আৰু জাগুনৰ এনিশা গগৈ আজি ইস্তানবুলৰ পৰা 6E 12 নম্বৰৰ বিমানৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উপস্থিত হয়।
অসম ভৱনৰ বিষয়াসকলে তেওঁলোকক তেঁওলোকক আদৰণি জনায়। এগৰাকী শিক্ষাৰ্থী দিল্লীত স্থানীয় অভিভাৱকৰ সৈতে থকাৰ লগতে আন তিনিজনক অসম ভৱনত ৰাখিছে। তেওলোকক অসমলৈ অহাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিছে।

ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ভাৰত চৰকাৰে ইউক্ৰেইনত আবদ্ধ হৈ থকা ৬০ শতাংশ ভাৰতীয়ক উদ্ধাৰ কৰা কৰিবলৈ সক্ষম হৈছে । মুঠ ১২ হাজাৰ শিক্ষাৰ্থী ইতিমধ্যে ভাৰতলৈ ঘূৰি আহিছে । কালি ভাৰতলৈ সুৰক্ষিত ভাবে উভতাই অনা সকলৰ ভিতৰত ৭ গৰাকী অসমৰ ছাত্ৰ-ছাত্ৰী আছে ।

ইফালে সকলো ভাৰতীয়ই ইতিমধ্যে কিয়েভ ত্যাগ কৰিছে বুলি ভাৰতীয় বৈদেশিক মন্ত্ৰালয়যে জনাইছে। গতিকে ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাস বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আনহাতে যিসকল লোক এতিয়াও ইউক্ৰেইনত আবদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰৰ বাবে অহা ৩ দিনৰ ভিতৰত মুঠ ২৬ খন বিমান প্ৰেৰণ কৰা হ’ব।

লগতে পঢ়ক- ইউক্ৰেইনৰ খাৰ্কিভ চহৰ ৰাচিয়ান সেনাৰ দখলত

ইতিমধ্যে অসম আহি পোৱা সকলৰ ভিতৰত আছে হীৰক জ্যোতি ডেকা, আনমোল শেখৰ দাস, অনামিকা বৈশ্য, মঞ্জুৰ আলম, সমাদ্ৰিতা হাজৰিকা, মনিষা ৱাহিদ, মনিষা বৈশ্য, অলিভিয়া ৰাজমেধী,ফাৰ্মী নাছৰিন চুলতানা, প্ৰতিক্ষা গগৈ, কৰিনা বৰা,উদাংশ্ৰী বসুমতাৰী আৰু বাস্তবিকা দাস।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply