গুৱাহাটী : অসমৰ মুখ্য সচিবৰ নিৰ্দেশনা অনুসৰি ইউক্ৰেইনত আৱদ্ধ হৈ থকা কামৰূপ জিলাৰ ১০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীৰ অভিভাৱকসকলক জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে তেওঁলোকৰ বাসগৃহলৈ গৈ লগ ধৰে আৰু তেওঁলোকক সাহস যোগায়। ইয়াৰ ভিতৰত কেইগৰাকীমান শিক্ষাৰ্থীৰ হৈছে-
চাহিল আনোৱাৰ, পিতৃ-কাছৰ আলী আহমেদ, নগৰবেৰা,
আৰিফ মহফুজ ছিদ্দিক, পিতৃ-আবু বক্কৰ ছিদ্দিক, নগৰবেৰা ,
জাকাৰিয়া আতিকুৰ ৰহমান হুছেইন, পিতৃ-আমজাদ হুছেইন, নগৰবেৰা
ফাৰুক আব্দুল্লা, পিতৃ-আস্কৰ আলী মণ্ডল
হাছানুল ইছলাম, পিতৃ-আব্দুৰ ৰছিদ, নগৰবেৰা
আকিব মুস্তাব আহমেদ, পিতৃ- আমিৰুদ্দিন আহমেদ, দামপুৰ
আখটাৰ আলী, পিতৃ-আমজেদ আলী, দামপুৰ
শ্বাহিদ ইকবাল শ্বৰীফ, পিতৃ-ছিদ্দিক আলী, দামপুৰ
হিমজ্যোতি তালুকদাৰ, পিতৃ-হেমেন্দ্ৰ কুমাৰ তালুকদাৰ, শুৱালকুছি হস্পিটেল ৰোড
অংকুৰ জ্যোতি ঠাকুৰীয়া।

কামৰূপ জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে ছাত্ৰ-ছাত্ৰীসকলৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে। ইউক্ৰেইনত আৱদ্ধ হৈ থকা তেওঁলোকৰ সন্তানসকলক সুৰক্ষিতভাৱে উভতাই অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰয়োজনীয় আৰু সম্ভৱপৰ সকলো পদক্ষেপৰ বিষয়ে প্ৰশাসনৰ প্ৰতিনিধিসকলে অভিভাৱকসকলক অৱগত কৰে।

প্ৰতিনিধিসকলে লগতে আশ্বাস দিয়ে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে সমন্বয় ৰক্ষা কৰি অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক স্থানান্তৰৰ সকলো ব্যৱস্থা চোৱাচিতা কৰি আছে।ভাৰত চৰকাৰে সুৰক্ষিতভাৱে ঘূৰাই আনিবলৈ অপাৰেচন গংগা আৰম্ভ কৰি ইউক্ৰেইনৰ পৰা আৱদ্ধ ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাৰ বাবে কাম কৰি আছে।

লগতে পঢ়ক- যুদ্ধ বিধস্ত ইউক্ৰেইন পৰা ঘৰ পালেহি অসমৰ অবিনাশ-প্ৰতিক্ষা

চাৰিজন জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীকো ইউক্ৰেইনৰ চুবুৰীয়া দেশ ৰোমানিয়া, পোলেণ্ড, হাংগেৰী আৰু শ্লোভোকিয়ালৈ প্ৰেৰণ কৰা হৈছে যাতে তেওঁলোকে ব্যক্তিগতভাৱে এই দেশবোৰৰ জৰিয়তে স্থানান্তৰ প্ৰচেষ্টাৰ নেতৃত্ব দিব পাৰে। প্ৰতিনিধিসকলে অভিভাৱকসকলক চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায়।
উল্লেখ্য যে কামৰূপৰ বংশৰ শুৱালকুছিৰ ছাত্ৰী দীপশিখা দাস ইতিমধ্যে অসমৰ আন শিক্ষাৰ্থীৰ সৈতে যুদ্ধ বিধ্বস্ত দেশখনৰ পৰা ঘূৰি আহি নিজ গৃহত উপস্থিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply