ৰাছিয়া ইউক্ৰেন যুদ্ধ বিভিষিকাৰ মাজতে সোশৰীৰে মৰাণৰ নিজ গৃহত উপস্থিত হ’ল অবিনাশ ফুকন। যোৱা ১০ ফেব্ৰুৱাৰীত দিল্লীৰ পৰা ইউক্ৰেনলৈ উৰা মাৰিছিল চিকিৎসা শিক্ষা গ্ৰহণৰ উদ্যেশে।
চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত পেটুৱাদলং স্থিত ৰামধেনু পথৰ দিলীপ ফুকন আৰু পূৰ্ণিমা কোঁৱৰ ফুকনৰ পুত্ৰ উচ্চ শিক্ষাৰ বাবে ইউক্ৰেইনৰ অ’জহাৰ্ড নেচনেল ইউনিভাৰচিটিত নামভৰ্তি কৰিছিল।
ৰাছিয়া আৰু ইউক্ৰেনৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছতে ভাৰত চৰকাৰৰ তৎপৰতাত হাংগেৰী হৈ নিজ বাসগৃহত উপস্থিত হয়।
আনহাতে ইউক্ৰেইনত আৱদ্ধ হৈ থকা বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মাজৰ তেজপুৰৰ প্ৰতিক্ষা গগৈ তেজপুৰৰ নিজা বাসগৃহ পাইছেহি।
ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয় তৰফৰ পৰা উদ্ধাৰ কৰা হৈছে দেশৰ কেইবাগৰাকী শিক্ষাৰ্থীৰ ভিতৰত অসমৰ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী ইতিমধ্যে ইউক্ৰেইনৰ পৰা ভাৰতত উপস্থিত হৈছেহি ।
চৰকাৰৰ তত্বাৱধানত কালি মুম্বাই অসম হাউচত উপস্থিত হোৱাৰ পিছত আজি তেজপুৰত উপস্থিত হয় তেজপুৰৰ প্ৰতীক্ষা গগৈ।
লগতে পঢ়ক- নিজ মাতৃভূমিত আজি উপস্থিত হ’ল ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ছয়গৰাকীকৈ ছাত্ৰী